মাৰ্ঘেৰিটা , 13 জুন : পুনৰ ৰাজ্যত সংঘটিত হ'ল মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড । তিনিচুকীয়া জিলাৰ লেখাপানীৰ অন্তৰ্গত জাগুনত ১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলাই ৪৫ উৰ্দ্ধৰ এজন লোকে ।
লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত ২ নং তিনিসুঁতি গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা । অভিযোগ অনুসৰি, উক্ত অঞ্চলৰ সঞ্জীত সোনাৰ নামৰ এজন লোকে বুধবাৰে নিশা প্ৰায় ০৭.৩০ বজাত , ১১ বছৰীয়া কিশোৰী গৰাকীক মিঠাই কিনি দিয়াৰ লোভ দেখুৱাই ঘৰৰ পৰা লৈ যায় । আৰু দোকানলৈ যোৱাৰ পথত অভিযুক্ত সঞ্জীত সোনাৰে আন্ধাৰৰ সুযোগ লৈ কিশোৰী গৰাকীক ধৰ্ষণৰ চেষ্টা চলায় । তেনে সময়তে স্থানীয় ৰাইজে ঘটনাৰ উমান পাই কিশোৰী গৰাকীক সোনাৰৰ পৰা কথমাপি ৰক্ষা কৰে । পৰৱৰ্তী সময়ত গাঁওবাসীয়ে অভিযুক্ত সঞ্জীতক উত্তম মাধ্যম সোধাই লেখাপানী আৰক্ষীক গতাই দিয়ে ।