ETV Bharat / state

পুত্ৰৰ চিকিৎসাৰ বাবে সহায় বিচাৰি ৰাইজলৈ কাতৰ আহ্বান অসহায় পিতৃৰ - Family of a critically ill boy request help for his treatment

বিগত তিনিটা বছৰে এক জটিল ৰোগত আক্ৰান্ত হৈ বিচনাতে দিন পাৰ কৰিছে বৰডুমচা ১নং মহং গাঁৱৰ ভদ্ৰেশ্বৰ বড়াৰ পুত্ৰ সত্যজিত বড়াই ৷ পৰিয়ালৰ লোকে জনোৱা মতে, আজিৰ পৰা প্ৰায় তিনিবছৰৰ পূৰ্বে কিশোৰটি এক অচিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় ৷

Family of a critically ill boy request help for his treatment at Doomdooma
জটিল ৰোগত আক্ৰান্ত বৰডুমচাৰ এজন কিশোৰ
author img

By

Published : Jun 2, 2020, 11:23 AM IST

ডুমডুমা, 2 জুন: তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সিমান্তৱৰ্তী বৰডুমচা ১নং মহং গাঁৱৰ এজন কিশোৰৰ কৰুণ কাহিনী ৷ বিগত তিনিটা বছৰে এক জটিল ৰোগত আক্ৰান্ত হৈ বিচনাতে দিন পাৰ কৰিছে ভদ্ৰেশ্বৰ বড়াৰ পুত্ৰ সত্যজিত বড়াই ৷

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, আজিৰ পৰা প্ৰায় তিনিবছৰৰ পূৰ্বে কিশোৰটি এক অচিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় ৷ লাহে লাহে কিশোৰজনৰ দুয়োটা ভৰি বিকল হৈ পৰাৰ লগতে মুখখনো জপাব নোৱাৰা হৈ পৰে । তেতিয়াৰ পৰাই বিছনাখনেই একমাত্ৰ সাৰথি হৈ পৰিছে কিশোৰজনৰ । পৰিয়ালৰ লোকে কিশোৰ জনক সুস্থ কৰিবৰ বাবে চিকিৎসাৰ নামত বহু টকা খৰচ কৰিলে যদিও কিশোৰজনক সুস্থ কৰি তুলিব নোৱাৰিলে । কিশোৰ জনৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱা দৰিদ্ৰ পৰিয়ালটোৰ অৱস্থা বৰ্তমান একেবাৰে জুৰুলা ৷ উন্নত চিকিৎসাৰ বাবে পৰিয়ালটো আৰ্থিক ভাবে সক্ষম নহয় ৷ যাৰ বাবে নিজ সন্তানক তিল-তিলকৈ মৃত্যুৰ দুৱাৰ দলিলৈ গৈ থকা চাই থাকিব লগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

জটিল ৰোগত আক্ৰান্ত বৰডুমচাৰ এজন কিশোৰঃ ৰাইজলৈ সহায়ৰ আহ্বান পৰিয়ালৰ

উপায়হীন হৈ সত্যজিতক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰিবলৈ স্থানীয় জনপ্ৰতিনিধি তথা অসম চৰকাৰলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে । সত্যজিতক সুস্থ কৰি তুলিবলৈ চৰকাৰৰ লগতে সু-হৃদয়ৱান লোকৰো সহায় ভিক্ষা কৰিছে পৰিয়ালটোৱে । কিশোৰজনৰ পিতৃ ভদ্ৰেশ্বৰ বড়াৰ নামত United Bank of India ৰ বৰডুমচা শাখাত থকা A/C No: 204801024768, ISFC code: UTBI0BMSR27 ত আপোনিও সহায়ৰ হাত আগবঢ়াব পাৰিব । পৰিয়ালটোৰ যোগাযোগৰ নম্বৰ ৬০০৩৯৫১৯৪৭ ৷ আপোনাৰ অকনমান সহায়ে হয়টো দুৰ্ভগীয়া পৰিয়ালটোৰ মুখলৈ পুনৰ ঘূৰাই আনিব হাঁহি ।

লগতে পঢ়কঃ চিকিৎসালয়ত ক'ভিড-19 আক্ৰান্তৰ আত্মহত্যা !

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.