ডুমডুমা, ১১ মাৰ্চ: যোৱা ৬ মাৰ্চৰ পৰা নিৰুদিষ্ট হৈ থকা ডুমডুমা এ.টি. ৰোডৰ নিৱাসী প্ৰায় ৪২ বছৰীয়া প্ৰসেনজিত গুহৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰিছে আৰক্ষীয়ে । আনদিনাৰ দৰে সেইদিনাও নিজৰ মটৰ চাইকেল লৈ ঘৰৰ পৰা ওলাই গৈছিল যদিও ২৪ ঘন্টা ওকলি যোৱা পিছতো ঘৰলৈ ঘূৰি নহাত পত্নীয়ে ডুমডুমা আৰক্ষীৰ ওচৰ চাপে । আৰক্ষীৰ তদন্তৰ অন্তত তাৰা চাহ বাগিচাৰ কৃষ্ণ কয়া নামৰ যুবকজনক আটক কৰি সোধপোছ কৰাত পোহৰলৈ আহে নিৰুদিষ্ট গুহৰ নিৰ্মম হত্যাকাণ্ডৰ ঘটনা ।
আজি পূৱাতে কৃষ্ণ কয়াৰ স্বীকাৰোক্তি অনুসৰি আৰক্ষীয়ে টিংৰাই কাটগাঁৱৰ পথাৰৰ মাজত গুহৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । প্ৰকাণ্ড শিলেৰে মূৰত থেকেচি নিৰ্মমভাৱে হত্যা কৰা হৈছিল দুৰ্ভগীয়া গুহক । আনহাতে গুহৰ মটৰ চাইকেলখন উদ্ধাৰ হৈছে টঙনা বজাৰত । হত্যাকাণ্ডত অধিক লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও তদন্তৰ শেষতহে ঘটনাৰ সবিশেষ জানিব পোৱা যাব বুলি জনায় আৰক্ষীয়ে ।