তেজপুৰ,২৩ অক্টোবৰ : ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধৰ সময়ত শ্বহীদ বৰণ কৰা বীৰ যোদ্ধা চুবেদাৰ যোগেন্দ্ৰ সিঙৰ প্ৰতিমূৰ্তি উন্মোচন ৷ ভাৰত চীন সীমান্তৰ বুমলা হাটত সামৰিক বাহিনীৰ শীৰ্ষ সন্মানৰে সন্মানিত হোৱা আৰু পৰম বীৰ চক্ৰ লাভ কৰা শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু ভাৰতীয় সেনাই । বুমলা হাটৰ টংপেংলা যুদ্ধক্ষেত্ৰত চৰকাৰীভাৱে চুবেদাৰৰ সাহসী জীয়ৰী কুলৱানত কৌৰৰ দ্বাৰা শুকুৰবাৰে এই প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷
ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ সুৰক্ষা বিশেষজ্ঞ এছ চি মহন্তী, বল অৱ ফায়াৰ ডিভিজনৰ টাৱাঙৰ কামাণ্ডাৰ, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত সম্পূৰ্ণ সামৰিক বাহিনীৰ মৰ্যাদাৰে এই বীৰ শ্বহীদ গৰাকীৰ স্মাৰক মূৰ্তি উন্মোচন কৰা হয় । অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী আলো লিবাং, টাৱাঙৰ বিধায়ক, জিলা উপায়ুক্ত আৰু প্ৰদেশৰ অন্যান্য মন্ত্ৰী বিধায়ক সকলৰ উপস্থিতিত শ্বহীদ গৰাকীৰ জীয়ৰীয়ে দেউতাক শ্বহীদ চুবেদাৰ যোগেন্দ্ৰ সিঙৰ মূৰ্তি উন্মোচন কৰি আপ্লুত হৈ পৰে । ১৯৬২ চনৰ যুদ্ধৰ সময়ত এই ঠাইত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল ভাৰতীয় সেনা বাহিনী আৰু যথোচিত প্ৰত্যুত্তৰ দিছিল বিৰোধী চীনা সৈন্যক ।
চীনা সৈন্যই ৭৫ এম এম অটমেটিক গান আৰু ১২০ মৰ্টৰৰ ব্যৱহাৰ কৰিছিল । এই তথ্য তেতিয়াৰ দায়িত্বত থকা ব্ৰিগেদিয়াৰ জে পি ডালভিয়ে তেওঁৰ হিমালয়ান বালণ্ডৰত উল্লেখ কৰিছিল । ভাৰত-চীন সীমান্ত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা পশ্চিম দিশত ভাৰত-তিব্বত -ভূটান সীমান্তলৈ বিস্তাৰিত হৈ আছে ৷ অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পৰা 42 কিলোমিটাৰ দূৰত্বত অৱস্থিত লুমলা অঞ্চলৰ পথেদি, ১৯৬২ চনত চীনা সৈন্যই ভাৰতত প্ৰৱেশ কৰিছিল ৷ দুৰ্গম পথ অতিক্ৰম কৰি, তেতিয়াৰ বৃহৎ লোহাৰ সাঁকো তৈয়াৰেৰে লুমলাৰ পৰা টাৱাং প্ৰৱেশ কৰে ৰঙা চীনৰ সৈন্যই ৷
১৯৬২ চনৰ ৮ ছেপ্টেম্বৰত হঠাৎ লুমলা সীমান্তত আক্ৰমণ হয় । তাৰ পিছতে বুমলা পোষ্টত সমান্তৰাল ভাৱে আক্ৰমণ কৰিছিল আৰু সেই সময়তে বহুতো বীৰ শ্বহীদ জোৱানে আত্ম বলিদান দিছিল ৷ ইয়াৰ ভিতৰত অন্যতম এই গৰাকী যোদ্ধা যোগেন্দ্ৰ সিং । শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ চৰকাৰে আৰু সেনাবাহিনীৰ সহযোগিতাত এই গৰাকী মহান যোদ্ধাক স্মৰণ কৰে ।
লগতে পঢ়ক : ভাৰতীয় নৌসেনাৰ এণ্টি শ্বিপ মিছাইলৰ উৎক্ষেপণ