তেজপুৰ, ৬ জুন: অসমৰ এখন মহাবিদ্যালয় শৈক্ষিক দিশতে নহয় কাৰিকৰী আৰু কৰ্মদক্ষতাৰ দিশতো আগবঢ়া । শুনিলে আপুনি আচৰিত হব কাৰণ সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কৰ্মদক্ষতাৰ ফলত বিদ্যা আহৰণৰ লগতে নিজৰ উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে । শিক্ষাদানৰ লগতে চাহ খেতিও আৰম্ভ কৰা অসমৰ একমাত্ৰ মহাবিদ্যালয় এইখন ।
শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ কৰ্চনতলাৰ ত্যাগবীৰ হেম বৰুৱা (THB)মহাবিদ্যালয়ত ২২ বিঘা মাটিত চাহ খেতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীকো কৰ্মদক্ষতাৰে আগবঢ়াই নিয়াৰ চেষ্টা কৰা হৈছে (Tea plantation starts at THB college)। অকল চাহ খেতিয়েই নহয়, মাৎস্য পালন, নেমু খেতি আৰু ৪৫০ জোপা বিভিন্ন প্ৰজাতিৰ কল গছৰ খেতি কৰিছে মহাবিদ্যালয়খনে ।
মহাবিদ্যালয়খনত প্ৰথমবাৰৰ বাবে "গ্ৰীণ টি" উৎপাদন কৰা হৈছে ৷ ইয়াৰ পূৰ্বে কেঁচা চাহপাত বিক্ৰী কৰি বছৰি ১.৮৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহাবিদ্যালয়খনে । মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ অজিত হাজৰিকাই ই টিভি ভাৰতক জনায় যে চাহ বাগিচাখন আৰম্ভ কৰা হৈছিল আত্মনিৰ্ভৰশীল ভাৰতৰ এক মূল মন্ত্ৰ লৈ যাতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে নিজ কৰ্মদক্ষতাৰ পৰিচয় দিব পাৰে ।
শ্ৰেণীৰ আজৰি সময়ত ছাত্ৰ-ছাত্ৰীয়ে চাহ বাগিচাৰ পাত তোলে আৰু ইয়াৰ পৰা প্ৰতি ঘণ্টাত ৩৫-৪০ টকা উপাৰ্জন কৰে (Students plucks tea leaves at leisure time) । আনহাতে বৰ্তমান মাত্ৰ ৪ বিঘা মাটিত "গ্ৰীণ টি" উৎপাদন কৰা হৈছে আৰু এই চাহৰ বৰ্তমান বজাৰ মূল্য প্ৰতি ১০০ গ্ৰামত ২২৫ টকা আৰু ৫০ গ্ৰামত ১৩০ টকা ।
২০১৫ চনত মুঠ ১৪ বিঘা মাটিত এই চাহ খেতি আৰম্ভ কৰি পৰৱৰ্তী ২০১৯ চনত অতিৰিক্ত ৮ বিঘালৈ সম্প্ৰসাৰিত কৰা হয় । কেঁচা পাতসমূহ অন্য চাহ ফেক্টৰীত বিক্ৰী কৰি প্ৰথম অৱস্থাত মাত্ৰ ২২ হাজাৰ টকা লাভ কৰিছিল বুলি হাজৰিকাই কয় । মহাবিদ্যালয়খনত কলা আৰু বিজ্ঞান দুটা বিভাগৰ মুঠ ২,২০০ ছাত্ৰ-ছাত্ৰী আৰু ৪২ গৰাকী শিক্ষক আছে ৷
লগতে পঢ়ক: আপত যোগ নিদিয়ে অখিল গগৈয়ে