তেজপুৰ,8মে': ক্লিন এণ্ড গ্ৰীণ চিটিৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰ চহৰৰ বৰ্তমান জাৱৰৰ মাৰাত্মক দুৰ্গন্ধত হাৰাশাস্তি হৈছে পথচাৰীৰ । ইতিহাস প্ৰসিদ্ধ তেজপুৰৰ ১১৭ বছৰীয়া বান থিয়েতাৰৰ সমীপৰ মূল পথটোৰ নলা নাৰ্দমাৰ কদৰ্য ৰূপে জিয়াতু ভুগাইছে ৰাইজক । তেজপুৰ পৌৰ সভাই বিগত সময়চোৱাত চহৰৰ একাংশ পথৰ নলা নতুন ৰূপত মেৰামতি কৰিলে যদিও বৰ্তমান পৰ্যন্ত বান থিয়েতাৰ গাতে লাগি থকা নলাটো মেৰামতি নকৰাৰ ফলত পথচাৰীয়ে দুৰ্ভোগ ভুগিলগীয়া হৈছে । যাৰ বাবে এজাক বৰষুণৰতে পথটো পাৰ হ'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । কিন্তু এই বিষয়ে কানসাৰ নাই পৌৰ সভাৰ ৱাৰ্ড কমিছনাৰ আৰু কৰ্তৃপক্ষৰ । আনহাতে শোণিতপুৰ জিলা প্ৰশাসনেও এই বিষয়ত কোনোধৰণৰ ব্যবস্থা গ্ৰহণৰ পৰা বিৰত আছে । উল্লেখ্য যে তেজপুৰ পৌৰ সভাৰ অধীনত ইতিমধ্যে বহুতো পুনৰ নিৰ্মানৰ কাম সময়ে সময়ে চলি আহিছে যদিও এনে ধৰণৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় সমূহ কৰ্তৃপক্ষৰ সদিচ্ছাৰ অভাৱতে এলাগী হৈ থাকিবলগীয়া হৈছে । স্থানীয় লোকৰ অভিযোগ অতি সোনকালে ইয়াক মেৰামতি কৰি কার্যত পৰিণত কৰিব লাগে ।
তেজপুৰত দুৰ্গন্ধৰ আন এক নাম নলা-নৰ্দমা
তেজপুৰ চহৰত আৱৰ্জনাৰ মাৰাত্মক দুৰ্গন্ধই জিয়াতু ভুগাইছে ৰাইজক । কাণসাৰ নাই পৌৰ সভাৰ লগতে জিলা প্ৰশাসনৰ ৷
তেজপুৰ,8মে': ক্লিন এণ্ড গ্ৰীণ চিটিৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হোৱা তেজপুৰ চহৰৰ বৰ্তমান জাৱৰৰ মাৰাত্মক দুৰ্গন্ধত হাৰাশাস্তি হৈছে পথচাৰীৰ । ইতিহাস প্ৰসিদ্ধ তেজপুৰৰ ১১৭ বছৰীয়া বান থিয়েতাৰৰ সমীপৰ মূল পথটোৰ নলা নাৰ্দমাৰ কদৰ্য ৰূপে জিয়াতু ভুগাইছে ৰাইজক । তেজপুৰ পৌৰ সভাই বিগত সময়চোৱাত চহৰৰ একাংশ পথৰ নলা নতুন ৰূপত মেৰামতি কৰিলে যদিও বৰ্তমান পৰ্যন্ত বান থিয়েতাৰ গাতে লাগি থকা নলাটো মেৰামতি নকৰাৰ ফলত পথচাৰীয়ে দুৰ্ভোগ ভুগিলগীয়া হৈছে । যাৰ বাবে এজাক বৰষুণৰতে পথটো পাৰ হ'ব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । কিন্তু এই বিষয়ে কানসাৰ নাই পৌৰ সভাৰ ৱাৰ্ড কমিছনাৰ আৰু কৰ্তৃপক্ষৰ । আনহাতে শোণিতপুৰ জিলা প্ৰশাসনেও এই বিষয়ত কোনোধৰণৰ ব্যবস্থা গ্ৰহণৰ পৰা বিৰত আছে । উল্লেখ্য যে তেজপুৰ পৌৰ সভাৰ অধীনত ইতিমধ্যে বহুতো পুনৰ নিৰ্মানৰ কাম সময়ে সময়ে চলি আহিছে যদিও এনে ধৰণৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় সমূহ কৰ্তৃপক্ষৰ সদিচ্ছাৰ অভাৱতে এলাগী হৈ থাকিবলগীয়া হৈছে । স্থানীয় লোকৰ অভিযোগ অতি সোনকালে ইয়াক মেৰামতি কৰি কার্যত পৰিণত কৰিব লাগে ।
Body:এই পথ তো বেঙগলী বয়জৰ সন্মুখ ,তেজপুৰ একাডেমী ৰ সংযোগী, আৰু ৰাজ্যিক পশু চিকিৎসা লয় ৰ লগতে আৰু বহুতো গুৰুত্বপূৰ্ণ এলেকা ৰ মূল পথ ।
তেজপুৰ পৌৰ সভাই বিগত সময়চোৱাত চহৰৰ একাংশ পথৰ নলা নতুন ৰূপত মেৰামতি কৰিলে যদিও আজি পৰ্যন্ত বান থিয়েতাৰ গাতে লাগি থকা এই নলা তো মেৰামতি নকৰাৰ ফলত পথচাৰীয়ে দুৰ্যোগ ভূগি লগীয়া হৈছে ।
এজাক বৰষুণ ৰ পিছতে পথ তো পাৰ হব নোৱাৰা অৱস্থা ।কিন্তু কান সাৰ নাই এই ১০ নম্বৰ ৱাৰ্ডৰ পৌৰ সভাৰ ৱাৰ্ড কমিছনাৰ আৰু কৰ্তৃপক্ষৰ ।
আনহাতে শোণিতপুৰ জিলা প্ৰশাসনে ও এই বিষয়ত আজিকোপতি কোনোধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাটো লক্ষ্য নিয় ।
Conclusion:উল্লেখযোগ্য যে তেজপুৰ পৌৰ সভাৰ অধীনত ইতিমধ্যে বহুতো পুনৰ নিৰ্মাণ ৰ কাম সময়ে সময়ে চলি আহিছে যদিও এনে ধৰণৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় সমূহ কৰ্তৃপক্ষৰ সদিচ্ছাৰ অভাৱতে এলাগী হৈ থাকিব লগীয়া হৈছে ।
স্থানীয় লোকৰ অভিযোগ অতি সোনকালে ইয়াক মেৰামতি কৰি কার্যত পৰিণত কৰিব লাগে ।
প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম ।
তেজপুৰ।
৮/৫/১৯