ETV Bharat / state

পদপথত সন্তান প্ৰসৱঃ কৰ’ণা পৰীক্ষাৰ চৰকাৰী নিৰ্দেশনাৰ ভয়ংকৰ পৰিণতি

তেজপুৰত ভয়ংকৰ ঘটনা ৷ এফালে কৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ নামত চৰকাৰী নিৰ্দেশনা উলংঘা কৰি চৰকাৰী সমৰ্থকৰ সমদল তথা একাংশ বিধায়ক নেতাৰ দলে বলে বীৰবচনৰ ভাওনা আৰু এফালে প্ৰসৱ বেদনাত চটফটাই থাকিও প্ৰসূতি বঞ্চিত উপযুক্ত চিকিৎসাৰ পৰা ৷

Terrible incident occurred for government guidelines of covid testing in Tezpur

author img

By

Published : Aug 8, 2020, 10:17 PM IST

তেজপুৰ, ৮ আগষ্ট: কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰী ভাৱে বলবৎ কৰা বিভিন্ন নীতি-নিৰ্দেশনাৰ মাজতেই আন জটিল ৰোগী সকলে উপযুক্ত সময়ত উপযুক্ত চিকিৎসা লাভ নকৰাৰ অভিযোগ উঠাৰ সময়তে তেজপুৰত ঘটিছে এক ভয়ংকৰ ঘটনা ৷ তেজপুৰৰ পুনিয়নি অঞ্চলৰ আৰতি বাউৰি নামৰ প্ৰসৱ যন্ত্ৰণা আৰম্ভ হোৱা এগৰাকী প্ৰসূতিক শনিবাৰে দিনৰ প্ৰায় এক বজাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ এগৰাকী আশা কৰ্মীয়ে আনিছিল ভৰ্তি কৰোৱাৰ বাবে ৷

কিন্তু শেহতীয়া চৰকাৰী নিৰ্দেশনাত কৰ’ণাৰ পৰীক্ষা অবিহনে চিকিৎসালয়ত ভৰ্তিৰ অনুমতি প্ৰদান নকৰাত প্ৰসূতি গৰাকীক চৰকাৰী চিকিৎসালয়ৰ সমীপৰ চিভিল চাৰিআলিৰ অস্থায়ী এন্টিজেন টেষ্ট চেন্টাৰলৈ অনা হয় ৷ কিন্তু ইয়াতেই প্ৰসূতীগৰাকীৰ প্ৰসৱ বেদনা অধিক হয় কেন্দ্ৰটোৰ সন্মূখৰ এটা গেছ এজেঞ্চিৰ বাৰাণ্ডাতেই সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে ৷ সেই সময়চোৱাত প্ৰসূতিগৰাকীক সহায়ৰ বাবে এন্টিজেন টেষ্টত ব্যস্ত থকা কৰ্মীসকলৰ বাহিৰে অন্য কোনো নাছিল ৷ আনকি এম্বুলেন্সো অহা নাছিল প্ৰসূতীগৰাকীক চিকিৎসালয়লৈ অনাৰ বাবে ৷ পাছত এন্টিজেন টেষ্ট চেন্টাৰৰ দুজনমান কৰ্মী আৰু মহিলাগৰাকীৰ আত্মীয়ৰ তৎপৰতাত এম্বুলেন্স আহে আৰু সন্তান আধা প্ৰসৱ কৰা অৱস্থাত মহিলাগৰাকীক নিয়া হয় 50 মিটাৰ দূৰত্বত অৱস্থিতিত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ ৷ য’ত এটি কন্যা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে ৷

তেজপুৰত ভয়ংকৰ ঘটনা : পদপথত সন্তান প্ৰসৱ

এই ঘটনাৰ পাচতেই তেজপুৰত সৰ্বসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উচ্চৰক্তচাপত আক্ৰান্ত, হাত ভঙা ৰোগীক কৰ’ণাৰ পৰীক্ষা নকৰাকৈ চিকিৎসা নকৰা ঘটনা সংঘটিত হোৱা তেজপুৰত এগৰাকী প্ৰসৱ বেদনাত কাতৰ মহিলাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰা হ’ল সেয়া কৰ’ণাৰ নামত চৰকাৰী প্ৰহসন বুলি মন্তব্য কৰিছে বহুলোকে ৷

প্ৰসূতীগৰাকীক এনে জটিল অৱস্থাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কৰ’ণাৰ নামত সম্প্ৰতি গুৰুতৰ অৱস্থাৰ ৰোগী তথা প্ৰসূতী সকল কেনে এক বিপদজনক পৰিস্থিতিৰ সন্মুখীন হৈছে তাৰ এক উদাহৰণ এয়া ৷ এফালে কৰ’ণাৰ সংক্ৰমণ প্ৰতিৰোধৰ নামত চৰকাৰী নিৰ্দেশনা উলংঘা কৰি চৰকাৰী সমৰ্থকৰ সমদল তথা একাংশ বিধায়ক নেতাৰ দলে-বলে বীৰবচনৰ ভাওনা আৰু এফালে প্ৰসৱ বেদনাত চটফটাই থাকিও প্ৰসূতি বঞ্চিত উপযুক্ত চিকিৎসাৰ পৰা ৷ এইক্ষেত্ৰত চৰকাৰে প্ৰসূতি সকলৰ ক্ষেত্ৰত পৃথক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও ৰাইজে মন্তব্য কৰিছে ৷

লগতে চাওক-অসম কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেছেডৰ হ’ব জুবিন গাৰ্গ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.