ETV Bharat / state

শোণিতপুৰত ১৯২ জন লোক নতুন কৈ কৰ’ণাত আক্ৰান্ত - তেজপুৰ

শোণিতপুৰ জিলাত শনিবাৰে ১৯২ জন লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ৷ আক্রান্ত লোকসকলৰ ঘৰলৈ গৈ ক’ভিড পৰীক্ষা কৰি ঔষধ প্ৰদান কৰে স্বাস্থ্য বিভাগে।

sonitpur covid update
শোণিতপুৰত শনিবাৰে ১৯২ জন লোক নতুন কৈ কৰ’ণাত আক্ৰান্ত
author img

By

Published : May 8, 2021, 10:26 PM IST

তেজপুৰ ,৮ মে': শোণিতপুৰত শনিবাৰে নতুনকৈ মুঠ ১৯২ গৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে ৷ ইতিমধ্যে, জিলাখনত শুকুৰবাৰৰ দিনটোলৈকে ১৬ গৰাকী লোকৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে । জিলাখনত বৰ্তমানলৈকে মুঠ ১০৩২ গৰাকী লোক আক্ৰান্ত হৈ আছে ।
উল্লেখ্য যে, তেজপুৰ চহৰৰ দৰ্জিপট্টিৰ আব্দুল কাদিৰ (৫৮) মৃত্যুৰ পিচত শনিবাৰে জিলাখনৰ স্বাস্থ্য বিভাগে তেজপুৰ দৰ্জিপট্টিৰ আক্রান্ত লোকসকলক ঘৰতে গৈ ক’ভিড পৰীক্ষা কৰি ঔষধ প্ৰদান কৰে ।
ইফালে, শোণিতপুৰৰ উপায়ুক্তই তেজপুৰ চহৰৰ অতিকৈ ব্যস্ত ব্যৱসায়িক অঞ্চল চ'ক বজাৰত সামজিক দূৰত্ব মানি ব্যৱসায় কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । অন্যথা, প্ৰশাসনে চ’ক বজাৰ অঞ্চলটোক সম্পূৰ্ণৰূপে লকডাউন কৰাৰো ইংগিত প্ৰদান কৰিছে ।
লগতে পঢ়ক :ক’ভিড-19ৰ বাবে 2-DGৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.