তেজপুৰ, ১৯ জুলাই : সাধাৰণ অৱস্থালৈ অহা নাই শোণিতপুৰ জিলাৰ ক'ভিড পৰিস্থিতি ৷ এতিয়াও জিলাখনৰ ক'ভিড পৰিস্থিতি জটিল অৱস্থাতে আছে ৷ ক'ভিডৰ জটিল পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি অধিক তৎপৰ হৈছে স্বাস্থ্য বিভাগৰ লগতে শোণিতপুৰ জিলা প্ৰশাসন ৷
সোমবাৰে সন্ধিয়া নতুন ক'ভিড SOP প্ৰকাশ কৰে শোণিতপুৰ জিলা প্ৰশাসনে ৷ ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য জিলা প্ৰশাসনে জাৰি কৰা ক'ভিডৰ নতুন নিৰ্দেশনা অনুসৰি শোণিতপুৰত পূৰ্বৰ দৰেই বাহাল থাকিব সম্পূৰ্ণ লক ডাউন । কোনো ব্যৱসায়ীয়ে খুলিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান ৷
জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ যি হোম ডেলিভাৰীৰ ব্যৱস্থা আছে, সেয়া পূৰ্বৰ দৰে বাহাল থাকিব ৷ সম্পূৰ্ণ লক ডাউনৰ সময়সীমা পুনৰ এসপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে ৷ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে ৷
শোণিতপুৰ জিলাত বৰ্তমানলৈকে ক'ভিডৰ দ্বিতীয়টো ঢৌত 2,351 গৰাকী লোক আক্ৰান্ত হৈছে ৷ জিলাখনত বৰ্তমান আক্ৰান্ত হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে 621 গৰাকী ৷ ইফালে জিলাখনত 1,727 গৰাকী ক'ভিড ৰোগী সুস্থ হোৱাৰ বিপৰীতে ক'ভিডত মৃত্যু হোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে 3 গৰাকী ৷
লগতে পঢ়ক: ৰাজ্যত বিজেপি শাসনলৈ অহাৰ বাবে আজমলক জগৰীয়া কৰিলে ৰাইজৰ দলে