ETV Bharat / state

ৰাজ্যত কাৰ্যকৰী লক ডাউন

author img

By

Published : Mar 24, 2020, 8:31 PM IST

Updated : Mar 24, 2020, 11:18 PM IST

LOCK DOWN START AT ASSAM
লক ডাউন আৰম্ভ ৰাজ্যত

23:07 March 24

বিশ্বনাথত অৰ্ধ সামৰিক বাহিনীৰ জোৱান মোতায়েন

অৰ্ধ সামৰিক বাহিনী মোতায়েন

বিশ্বনাথ,24 মাৰ্চঃ ভাৰত চৰকাৰে আহ্বান কৰা লক ডাউনৰ নিৰ্দেশৰ পিছত জনশূন্য হৈ পৰে বিশ্বনাথ ৷ সন্ধিয়া ৬বজাৰ পৰা ৩১ মাৰ্চৰ মাজ নিশালৈকে লক ডাউন ঘোষণাৰ বাবে সন্ধিয়া সময়ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা গৈছিল ৷ কিন্তু প্ৰশাসনে সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিবলৈ য়ক্ষম হয় ৷

22:54 March 24

জনশূন্য গোৱালপাৰা

জনশূন্য গোৱালপাৰা

গোৱালপাৰা,24 মাৰ্চঃ গোৱালপাৰাত লক ডাউন আৰম্ভ হোৱাৰ সময়ছোৱাত বাটপথকে ধৰি সকলো অঞ্চল জনশূন্য হৈ পৰা দেখা গৈছে ৷ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জিলাখনত অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰিছে ৷ 

22:35 March 24

লখিমপুৰত স্তব্ধ জনজীৱন

স্তব্ধ জনজীৱন

লখিমপুৰ,24 মাৰ্চঃ লখিমপুৰ জিলাত তৎপৰ আৰক্ষী প্ৰশাসন ৷ মঙলবাৰৰ সন্ধিয়া ৬ বজাৰ লগে লগে স্তব্ধ হৈ পৰে জনজীৱন । জৰুৰী সেৱা সমূহৰ বাদে ৩১ মাৰ্চৰ নিশা ১২ বজা পৰ্যন্ত বন্ধ থাকিব সকলো । কিন্তু একাংশ লোকে চৰকাৰী নিৰ্দেশনা অমান্য কৰি ৰাজপথত চলায় ব্যক্তিগত বাহন । এই নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে বৰ্তমান তৎপৰ হৈ পৰিছে জিলাখনৰ আৰক্ষী প্ৰশাসন ।

22:03 March 24

ডিব্ৰুগড়ত অব্যাহত জৰুৰীকালীন সেৱা

জৰুৰীকালীন সেৱা অব্যাহত

ডিব্ৰুগড়,24 মাৰ্চঃ লকডাউনৰ সম্পূৰ্ণ প্ৰভাৱ পৰা দেখা গৈছে ডিব্ৰুগড় জিলাত ৷ এই সময়ছোৱাত চহৰখনত জৰুৰীকালীন সেৱা সমূহৰ বাদে অন্য সকলো সেৱা বন্ধ থাকিব চহৰখনত ৷  

21:01 March 24

যোৰহাটত জনসাধাৰণক ছত্ৰভংগ আৰক্ষীৰ

যোৰহাটত ছত্ৰভংগ জনসাধাৰণক

যোৰহাট,24 মাৰ্চঃ লক ডাউনৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যোৰহাট জিলা ৷ আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে লক ডাউনক কেন্দ্ৰ কৰি । ৰাজপথত থকা জনসাধাৰণক প্ৰশাসনে চাইৰেণ বজাই ঘৰলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে । জনতাই লক ডাউন সম্পূৰ্ণৰূপে পালন কৰিলে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা সাৰি থাকিব পাৰিব ৷

20:39 March 24

মহানগৰীৰ ৰাজপথত আৰক্ষী

গুৱাহাটীত সষ্টম আৰক্ষী

গুৱাহাটী,24 মাৰ্চঃ মঙলবাৰে সন্ধিয়া ৬ বজাৰ লগে লগে অসমক লক ডাউন কৰা হয় । গুৱাহাটী মহানগৰীতো ঠায়ে ঠায়ে আৰক্ষীয়ে বন্ধ কৰি দিয়ে ৰাজপথসমূহ । এই সময়ছোৱাত জৰুৰীকালীন সেৱাহে অব্যাহত থাকিব । অৱশ্যে প্ৰথম অৱস্থাত যানবাহন চালকসমূহক লকডাউন সম্পৰ্কে বুজাই দিয়ে আৰক্ষীয়ে । বুধবাৰৰ পৰা ঘৰৰ বাহিৰলৈ ওলোৱা কোনো লোককে ৰেহাই নিদিয়ে আৰক্ষীয়ে ৷

20:03 March 24

তেজপুৰত জিলা প্ৰশাসনে আৰম্ভ কৰিলে হাই এলাৰ্ট

তেজপুৰত হাই এলাৰ্ট

তেজপুৰ,২৪ মাৰ্চঃ সমগ্ৰ ৰাজ্যত সন্ধিয়া 6 বজাৰ পৰা বলৱৎ হ’ল লক ডাউন ৷ তেজপুৰত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যুটীয়াভাৱে চাইৰেণ বজাই ৰাজপথত হাই এলাৰ্ট জাৰি কৰে ৷ অসম চৰকাৰে জাৰি কৰা লক ডাউনক অমান্য কৰা লোকক সকীয়নি প্ৰদান আৰক্ষীৰ । পৰৱৰ্তী সময়ত চৰকাৰৰ নিৰ্দেশ অমান্য কৰা লোকৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে শোণিতপুৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতায়ে ৷

Last Updated : Mar 24, 2020, 11:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.