ETV Bharat / state

আদাবাৰী চাহ বাগিছাৰ চিকিৎসক নিলয় দত্তৰ পদত্যাগ

author img

By

Published : Sep 7, 2019, 11:04 PM IST

বিগত 31 আগষ্টত টীয়ক সংঘটিত চিকিৎসক ডাঃ দেৱেন দত্তৰ নৃশংস হত্যাকাণ্ডৰ পিচত পদত্যাগ কৰিছে ৰাজ্যৰ কেবাগৰাকীও চিকিৎসকে ৷ শেহতীয়াকৈ ৰঙাপৰাৰ আদাবাৰী চাহ বাগিছাৰ চিকিৎসক ডাঃ নিলয় দত্তয়ো পদত্যাগ কৰে ৷

আদাবাৰী চাহ বাগিছাৰ চিকিৎসক নিলয় দত্তৰ পদত্যাগ
  • নিৰাপত্তাহীনতাত ভূগি ৰাজ্যত পুনৰ পদত্যাগ চিকিৎসকৰ ৷
  • ৰঙাপৰাৰ আদাবাৰী চাহ বাগিছাৰ চিকিৎসক নিলয় দত্তৰ পদত্যাগ ৷
  • টীয়কত সংঘটিত হত্যাকাণ্ডৰ পিছতে পদত্যাগ বহুকেইজন চিকিৎসকৰ ৷
    আদাবাৰী চাহ বাগিছাৰ চিকিৎসক নিলয় দত্তৰ পদত্যাগ
  • চিকিৎসকগৰাকীৰ সিদ্ধান্তত বাগিছা শ্ৰমিকসকল ভাঙি পৰিছে ৷
  • গুৱাহাটীৰ বাসিন্দা ডাঃ দত্তই নিৰাপত্তাৰ বাবেই পদত্যাগ কৰাৰ কথা উল্লেখ কৰিছে ৷

Intro:ৰঙাপৰাৰ আদাবাৰী চাহ বাগিছাৰ চিকিৎসক নিলয় দত্তৰ পদত্যাগBody:ৰঙাপৰাঃ যোৱা ৩১আগষ্টত যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাত কৰ্মৰত এগৰাকী চিকিৎসকক প্ৰহাৰ কৰি নিৰ্মম ভাবে হত্যা কৰাৰ চাঞ্চল্যৰ ঘটনাৰ আজিও প্ৰতিক্ৰিয়া মাৰ যোৱা নাই। উক্ত চাহ বাগিচাখনৰ চিকিৎসক ডাঃ দেৱেন দত্তক একাংশ উন্মাদ লোকে হত্যা কৰাৰ পিছত ৰাজ্যখনৰ চিকিৎসকসকল শংকিত হৈ পৰিছে। উক্ত ঘটনাক ৰাজ্যখনৰ চিকিৎসকসকলে গৰিহণা আৰু প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰিছিল। ইফালে এই ঘটনাৰ পাছত ৰাজ্যৰ একাংশ চাহ বাগিচাৰ চিকিৎসক সকল বাৰুকৈয়ে শংকিত হৈ পৰিছে। ইফালে এই নৃশংস হত্যাকাণ্ডৰ পাছত একাংশ চিকিৎসকে নিৰাপত্তাহীনতাত ভূগিছে। ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত আদাবাৰী চাহ বাগিছাত কৰ্মৰত ডাঃ নিলয় দত্তই কালি চিকিৎসালয়খনৰ পৰা পদত্যাগ কৰে। চিকিৎসক গৰাকীয়ে হঠাৎ এনে হঠকাৰী সিদ্ধান্ত লোৱাত চাহ শ্ৰমিক ৰাইজ চিন্তিত হৈ পৰিছে। চিকিৎসক গৰাকীক চাহ বাগিছাখন এৰি নাযাবলৈ আহ্বান জনাইছিল। গুৱাহাটীৰ নিৱাসী চিকিৎসক নিলয় দত্তই যোৱা বৰ্ষত চাহ বাগিচাখনত যোগদান কৰিছিল।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.