ৰঙাপৰা,৬ অক্টোবৰ: খৰস্ৰোত গাভৰু নৈৰ প্ৰৱল সোঁতে উটুৱাই নিয়া অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীৰাম কোচৰ মৃতদেহ বৃহস্পতিবাৰে নদীৰ বালিচৰত (Death body recovered at Gabharu river) উদ্ধাৰ হয় । শোণিতপুৰ জিলাৰ মিছামাৰীৰ (Death body of ex teacher recovered in Misamari) জীয়াগাভৰু গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীৰামে নৈখন পাৰ হোৱাৰ সময়তে হঠাৎ বাঢ়নি পানীয়ে তেওঁক উটুৱাই নিয়ে ।
উল্লেখ্য় যে, লক্ষীৰামে বুধবাৰে বিয়লি স্থানীয় তিনিজন লোকৰ সৈতে গৰু আনিবলৈ নদীখন পাৰ হৈ সিপাৰলৈ গৈছিল । কিন্তু হঠাৎ গাভৰু নদীখনৰ পানীৰ বাঢ়ি যোৱাত লোককেইজন সাঁতুৰি কোনোমতে পাৰ হয় যদিও শিক্ষকজনে নৈখন পাৰ হ’ব নোৱাৰিলে । নৈখনৰ পানীয়ে শিক্ষকজনক উটুৱাই নিয়ে ।
সন্ধানহীন অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীৰামক বিচাৰি আজি পুৱাৰে পৰা গাভৰু নদীখনত এছ ডি আৰ এফ (SDRF) বাহিনীয়ে অভিযান চলাই যদিও মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰিলে ।
পিছত নৈখনত মাছ মাৰি থকা লোকসকলে নদীৰ বালিচৰত তেওঁৰ মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰে । মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ অঞ্চলটোত বন জুইৰ দৰে বিয়পি পৰাত ঘটনাস্থলীত লোকে লোকাৰণ্য হৈ পৰে । ১৯৯১ চনত ২ নং জীয়া গাভৰু প্ৰাথমিক বিদ্যালয়খন স্থাপন কৰি মানৱ সম্পদ গঢ়া লক্ষীৰাম কোচে অৱশেষত বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰিছিল ।
লগতে পঢ়ক: চৰকাৰৰ গাফিলতিৰ বাবেই মৃত্যু তেজস্বিতাৰ : দেৱব্ৰত শইকীয়া