ETV Bharat / state

Assam Sanskritik Mahasangram : শোণিতপুৰত আৰম্ভ সাংস্কৃতিক মহাসংগ্ৰাম

ঢেকীয়াজুলি, জামুগুৰিহাট, চতিয়া, তেজপুৰ আৰু ৰঙাপৰাত আৰম্ভ হৈছে এক সাংস্কৃতিক মহাসংগ্ৰাম । মন্ত্ৰী ক্ৰমে অশোক সিংহল,বিধায়ক পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা আৰু বিধায়ক কৃষ্ণ কমল তাঁতীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে এই সাংস্কৃতিক মহাসংগ্ৰাম ।

শোণিতপুৰত আৰম্ভ সাংস্কৃতিক মহাসংগ্ৰাম
Assam Sanskritik Mahasangram
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 5:03 PM IST

শোণিতপুৰত সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ

তেজপুৰ, ১০ নৱেম্বৰ : অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম সাংস্কৃতিক মহাসংগ্ৰাম । শোণিতপুৰ জিলাৰ পাঁচটা স্থানত আৰম্ভ হৈছে এই সাংস্কৃতিক মহাসংগ্ৰাম । ঢেকীয়াজুলি, জামুগুৰিহাট, চতিয়া, তেজপুৰ আৰু ৰঙাপৰাত আৰম্ভ হৈছে এই সাংস্কৃতিক মহাসংগ্ৰাম ।

মন্ত্ৰী ক্ৰমে অশোক সিংহল,বিধায়ক পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভা আৰু বিধায়ক কৃষ্ণ কমল তাঁতীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে এই সাংস্কৃতিক মহাসংগ্ৰাম । আনহাতে, তেজপুৰত বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত ভূপেন হাজৰিকা কলাভূমিত আৰম্ভ হৈছে এই সংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাসমূহ ।

শোণিতপুৰ জিলাত মুঠ ৩১ ,৫০০ প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ বাবে পঞ্জীয়ন কৰিছে । লগতে অনুষ্ঠান অনুষ্ঠিত হোৱা স্থানতো পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । উল্লেখ্য যে শুকুৰবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতা নৱেম্বৰ মাহৰ ৩০ তাৰিখলৈ পঞ্চায়ত তথা পৌৰসভাৰ অন্তৰ্গত বিভিন্ন ঠাইত অনুষ্ঠিত হোৱাৰ পিছত ডিচেম্বৰ মাহৰ পৰা সমষ্টি আৰু জানুৱাৰী মাহত জিলা পৰ্যায়ত অনুষ্ঠিত হ'ব ।

আনহাতে, জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ প্ৰতিযোগী নিৰ্বাচিত কৰা হ'ব । তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই অনুষ্ঠান মুকলি কৰি জ্যোতি সঙ্গীত আৰু বিষ্ণু সঙ্গীতেৰে প্ৰতিযোগীসকলক অনুপ্ৰাণিত কৰে । আনহাতে, যিসমূহ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তেওঁলোকৰ বাবে বিভাগীয় কৰ্তৃপক্ষই বিশেষ ছুটীৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্তই ।

উল্লেখ্য যে ২৫ অক্টোবৰৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হৈছে এই সাংস্কৃতিক মহাসংগ্ৰাম । গ্ৰাম্য

সাংস্কৃতিক প্ৰতিভাক চিনাক্ত আৰু উৎসাহিত কৰাৰ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে ছটা শাখাত ইয়াৰ অধীনত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে । জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, লোকনৃত্য আৰু বিহুৰ একক আৰু দলীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷

লগতে পঢ়ক :Khel Maharan 2023: মন্ত্রী পীযুষ হাজৰীকাই লখিমপুৰত আৰম্ভ কৰিলে মহাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.