তেজপুৰ,31আগষ্ট: "১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ উচ্চতম ন্যায়ালয়ৰ তদাৰকত শনিবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কোনো কাৰণতে গ্ৰহণ যোগ্য নহয় । ই এক অসমৰ খিলঞ্জীয়া সকলৰ পতাৰণাৰ দলিল হে মাত্ৰ । সদৌ অসম ছাত্ৰ সন্থাৰ ভুল সিদ্ধান্তৰ বাবেই ১৯৫১ চনৰ পৰিৱৰ্তে ১৯৭১ চন ভিত্তি বৰ্ষ হিচাপে লৈ প্ৰকাশ কৰা এন আৰ চিক কোনো কাৰণতে মানি ল'ব পৰা নাযায় ।" -এই মন্তব্য সন্মিলিত মহাসংঘৰ ।
উল্লেখ্য যে মহাসংঘই ২০১২ চনৰ পৰাই এন আৰ চিৰ বাবে ভিত্তিবৰ্ষ ১৯৫১ চন ৰূপে দাবী কৰি আহিছিল । এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ত এক গোচৰো দিছিল । ন্যায়ালয়ে বিষয়টো বিচাৰ পীঠলৈ প্ৰেৰণ কৰিছিল যদিও বিগত ৪ টা বছৰে বিচাৰ পিঠে বিষয়টো নিষ্পত্তি নকৰিলে । বিচাৰ পীঠত বিচৰাধীন হৈ থকা বিষয় বিষয় এটা নিষ্পত্তি নকৰাকৈয়ে ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ যি এন আৰ চিৰ তালিকা প্ৰকাশ কৰিলে সেয়া গ্ৰহণযোগ্য নহয় আৰু খিলঞ্জীয়াৰ পৰিপন্থী বুলি দাবী কৰিছে মহাসংঘই ।