ETV Bharat / state

জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত 'পকী'ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM visit Mahabhairab Temple in Tezpur) ৷ বৃহস্পতিবাৰে তেজপুৰ ঐতিহ্য মণ্ডিত পকী তথা অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma at Tezpur) ।

assam-cm-visited-the-historic-jyoti-bharati-museum-ancestral-poki-at-tezpur
তেজপুৰৰ ঐতিহ্য মণ্ডিত 'পকী'ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : May 26, 2022, 5:44 PM IST

তেজপুৰ, 26 মে’: "'পকী'তেই আবদ্ধ হৈ আছে জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন গাঁথা ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূর্য ফণী শৰ্মাই কেনেদৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰিছিল সেই বিষয়ে জানিবলৈ হ’লে অসমৰ প্ৰতিজন নৱ প্ৰজন্মই এই স্থানত এবাৰলৈ হ’লেও দৰ্শন কৰা প্ৰয়োজন ।" বৃহস্পতিবাৰে তেজপুৰৰ ঐতিহ্য মণ্ডিত পকী তথা অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে (Historic Jyoti Bharati Museum ancestral Poki) ।

assam-cm-visited-the-historic-jyoti-bharati-museum-ancestral-poki-at-tezpur
তেজপুৰৰ ঐতিহ্য মণ্ডিত 'পকী'ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা`

লগতে তেওঁ কয় যে, জ্যোতি ভাৰতীত থকা ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত বিভিন্ন সামগ্ৰীকে ধৰি মহা মানৱ মহাত্মা গান্ধীয়ে তেজপুৰ ভ্ৰমণৰ সময়ত ব্যৱহাৰৰ কৰা বিচনা আদি দৰ্শন কৰি এই সামগ্ৰীসমূহ অত্যাধুনিক বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰাহালয়ত আহোম স্বৰ্গদেৱে পৰিধান কৰা বস্ত্ৰ এতিয়ালৈকে সংৰক্ষিত হৈ আছে আৰু বৃটিছ সংগ্ৰাহালয়ত বৃন্দাবনী বস্ত্ৰ সংৰক্ষিত হৈ আছে ৷ তেনেস্থলত জ্যোতি ভাৰতীত থকা মূল্যবান সামগ্ৰী সমূহ অত্যাধিক বৈজ্ঞানিক পৰম্পৰাৰে সংৰক্ষণ কৰাটো ৰাজ্য চৰকাৰে বিচাৰে ৷ সেয়ে শোণিতপুৰৰ উপায়ুক্তই এই ক্ষেত্ৰত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ লগত আলোচনা কৰি বিষয়টো আগবাঢ়িব লাগে ।

তেজপুৰৰ ঐতিহ্য মণ্ডিত 'পকী'ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

আনহাতে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত তেজপুৰত এক সংগ্ৰাহালয় স্থাপনৰ বিষয়ে দীৰ্ঘদিন ধৰি উত্থাপিত হৈ অহা দাবী সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "এই ক্ষেত্ৰত চৰকাৰৰ অসুবিধা একো নাই ৷ ইয়াৰ বাবে চৰকাৰৰ ধনৰো অভাৱ নাই ৷ কিন্তু এই ক্ষেত্ৰত এক প্ৰস্তাৱ চৰকাৰলৈ যাব লাগিব । যিহেতু বৰ্তমান তেজপুৰৰ বিধায়ক হিচাপে কলাগুৰুৰ সন্তানেই আছে তেনেস্থলত তেওঁ এই ক্ষেত্ৰত আগ ভাগ লৈ তেওঁৰ কাৰ্যকালতে এই সংগ্ৰাহালয় স্থাপনৰ দিশত আগবাঢ়িব লাগে । সংগ্ৰাহালয়ৰ বাবে মাটি সমস্যা নহয় বুলিও কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (Himanta Biswa Sarma at Tezpur) ।

ইফালে বটদ্ৰৱা কাণ্ডৰ সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে সকলো প্ৰকাশ কৰি আছে বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্দৰ্ভত অধিক মন্তব্য দিবলৈ অস্বীকাৰ কৰে ৷ যদিও তেওঁ কয় যে, এনেবোৰ ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষীক অতি কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে আৰু ভৱিষ্যতে অসম আৰক্ষীয়ে এনেবোৰ ঘটনা অতি কঠোৰ হাতেৰে দমন কৰিব ৷

লগতে পঢ়ক : তেজপুৰৰ মহা ভৈৰব মন্দিৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.