আমগুৰি, 7 জানুৱাৰী: শিৱসাগৰ জিলাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ ৷ মহাবিদ্যালয় খনৰ Asian Resource Foundations ৰ সহযোগত নামতি অঞ্চলৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীক তেওঁলোকে বিতৰণ কৰিলে ছুৱেটাৰ ৷ ছাত্ৰ-ছাত্ৰীসকলে যাতে শীতৰ প্ৰকোপত পৰি শিক্ষাৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন হ'ব নালাগে, সেই উদ্দেশ্য এনে পদক্ষেপ গ্ৰহণ কৰিলে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷
সোমবাৰে মহাবিদ্যালয় কৰ্তৃপক্ষই নামতিৰ মৰি নামদাং প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত ছুৱেটাৰ বিতৰণ কৰে ৷ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ বিশেষকৈ চৰকাৰী বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত মহাবিদ্যালয় কতৃপক্ষই বিতৰণ কৰে ছুৱেটাৰ ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ এনে পদক্ষেপক শলাগ লৈছে ৰাইজে ৷
লগতে পঢ়ক: বিজেপিৰ সভাৰ বাবে বন্ধ হ'ল তিনিখনকৈ বিদ্যালয়ৰ পাঠদান