ETV Bharat / state

আহাৰৰ পথাৰত বীজ সিচাত ব্যস্ত চহা কৃষক

author img

By

Published : Jul 7, 2020, 5:47 PM IST

পৰিবৰ্তনৰ ধামখুমীয়াত পথাৰত নতুন প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ পৰিছে ৷ তৎসত্বেও কিন্তু পথাৰত গোহালীৰ গৰুহাল লৈ হালোৱা আৰু জাক জাক ৰোৱণীৰ ব্যস্ততা চহা জীৱনৰ এখন চিনাকি ছবি । নামতিৰ মাহমৰা পথাৰত এনেদৰেই চলিছে ভূঁই ৰোৱা পৰ্ব ।

Sivasagar
আহাৰৰ পথাৰত বীজ সিচাত ব্যস্ত চহা কৃষক

আমগুৰি, 7 জুলাইঃ লক ডাউনৰ মাজতে খেতি পথাৰত সংগ্ৰাম কৰাত ব্যস্ত চহা কৃষক। হাঁহি ধেমালিৰে পথাৰ সেউজীয়া কৰিছে হালোৱা-ৰোৱনীয়ে ফলত প্ৰাণ পাই উঠিছে পথাৰবোৰে ৷ বছৰটোৰ বাবে জীৱন জীৱিকাৰ সমল খেতিপথাৰখন সকলোৱে চহায় মৈয়াই কঠীয়া সিচিবলৈ আৰম্ভ কৰিছে ৷ লক ডাউনৰ মাজতে আমগুৰি নামতিত সেউজ সিচাত ব্য়স্ত হৈ পৰিছে চহা কৃষক । আহাৰ মানেই যেন ব্যস্ততা , মূৰ তুলি চাবলৈ সময় নাই কৃষকৰ । এতিয়া ভৰ আহাৰ মাহ। খেতি পথাৰত ব্যস্ততা বাঢ়িছে কৃষকৰ । হালোৱাই হাল বাইছে, ৰোৱনী ৰোৱাত ব্যস্ত হৈ পৰিছে ৷

লগতে পঢ়কঃ বাল্য বিবাহৰ ঘটনাত নাম সাঙোৰ খাইছে আৰক্ষীৰ

ধান-খেতিৰ বাবে মাটি তৈয়াৰ কৰাৰ উৎকৃষ্ট সময় হৈছে আহাৰ, শাওণ ৷ কেৱল খেতিখোলাই নহয়, আহাৰ মাহত লুকাই আছে অসমৰ চহা-জীৱনৰ লগত জড়িত কিছুমান জীয়া ছবি ৷ গাঁৱৰ বাট-পথত একাঁঠু বোকা, সেই বোকাময় পথেৰে কান্ধত নাঙলটো লৈ পুৱাই কৃষক ৰাইজৰ পথাৰলৈ যাত্রা ৷ পথাৰৰ কামৰ মাজতে ঘৰৰ পৰা গৈ পায় দুপৰীয়াৰ আহাৰ ৷ মুঠতে এক দৃষ্টি নন্দন পৰিবেশ কৃষিপথাৰত ।

আহাৰৰ পথাৰত বীজ সিচাত ব্যস্ত চহা কৃষক

পৰিবৰ্তনৰ ধামখুমীয়াত পথাৰত নতুন প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ পৰিছে ৷ তৎসত্বেও কিন্তু পথাৰত গোহালীৰ গৰুহাল লৈ হালোৱা আৰু জাক জাক ৰোৱণীৰ ব্যস্ততা চহা জীৱনৰ এখন চিনাকি ছবি । নামতিৰ মাহমৰা পথাৰত এনেদৰেই চলিছে ভূঁই ৰোৱা পৰ্ব । হালোৱা ৰোৱণীৰ বাবে গৃহস্থই যোগাৰ কৰিছে জা-জলপানৰ লগতে পৰম্পৰাগত পানীয়ৰ । তাৰ মাজতেই ৰং ধেমালীৰে কোনোৱে এপাক নাচিছে , আন কোনোৱে গান গাইছে ৷ এই সময়ছোৱাত অসমৰ প্ৰতিখন পথাৰৰ একেটাই দৃশ্য ৷ মূৰত সূৰ্য দেৱতাৰ উত্তাপ, তলত তপত পানী ৷ তাৰ মাজতো আঘোনত ভঁৰাল পূৰ্ণ কৰাৰ সপোন ৰূপায়ণত ব্যস্ত গ্ৰামাঞ্চলৰ প্ৰতিজন কৃষক ৰোৱনী ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.