শিৱসাগৰ, 24 ছেপ্টেম্বৰঃ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰ অসমভূমিৰ এক অকথিত কাহিনী ৷ ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা চিৰদিনৰ বাবে পৰাধীনতাৰ শিকলিৰে বন্ধা হৈছিল অসমী আইক ৷ এনে এক জটিল সন্ধিক্ষণতেই বিট্ৰিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে গৰজি উঠিছিল এজন স্বাভিমানী অসমীয়া ৷ হাতত পেং লৈ অসমৰ জনজাতীয় নগা,খামতি,চিংফৌ আদি সকলক একত্ৰিত কৰি জীউৰাম দুলীয়া বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, ফৰমুদ আলী, ঘৰফলীয়া বৰুৱা, মৰংগীখোৱা গোহাঁই, ৰাম চিৰস্তাদাৰ বৰুৱা আদিৰ সহযোগত বৃটিছ সেনাৰ বিৰুদ্ধে ঘোষণা কৰিছিল আই মাতৃৰ মুক্তি সংগ্ৰামৰ প্ৰথমখন যুদ্ধৰ ৷
ইংৰাজৰ বিৰুদ্ধে সমুখ সমৰত বীৰত্বৰে যুঁজি বৃটিছৰ হাতত বন্দী হৈ ৰাজদ্ৰোহৰ অপৰাধত 1830 চনত শিৱসাগৰ পুখুৰীৰ পাৰত মৃত্যুদণ্ড লাভ কৰিছিল সেইজনা অসম বীৰে৷ তেওঁৱেই আছিল অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ পিয়লি ফুকন৷ কিন্তু পৰিতাপৰ বিষয় যে, আজিও সৰ্বজন গ্ৰহণযোগ্য ভাৱে স্থিৰ কৰা হোৱা নাই পিয়লিৰ মৃত্যুৰ দিন ৷ বীৰজনাৰ বংশৰ ব্যক্তিসকলে ২৪ চেপ্তেম্বৰ দিনটো পিয়লিৰ মৃত্যুৰ দিন বুলি গ্ৰহণ কৰি সোঁৱৰণ কৰি আহিছে যদিও স্বাধীনতা যুঁজৰ প্ৰথম শ্বহীদজনৰ মৃত্যুৰ তাৰিখ নিৰ্ধাৰণ কৰিব পৰা নাই অসম চৰকাৰে ।