ETV Bharat / state

Lurinjyoti Gogoi demand: চৰকাৰে শৃংখল চলিহাক লক্ষ্য কৰি লৈছে : লুৰীণজ্যোতি গগৈ

‘‘বিজেপি চৰকাৰখন হৈছে স্বৈৰতান্ত্ৰিক ফেচিষ্ট আৰু আক্ৰোশ মানসিকতাৰ ৷ অতি আক্ৰোশমূলকভাৱে চৰকাৰে শৃংখল চলিহাক কৰায়ত্ত কৰিছে । কিন্তু চৰকাৰে কিছুমান অপৰাধীক ৰক্ষণাবেক্ষণ দিছে ৷’’ শনিবাৰে চৰকাৰৰ বিৰুদ্ধে এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi criticized Assam Govt) ৷

Lurinjyoti Gogoi criticized Assam Govt
শৃংখলৰ গ্ৰেপ্তাৰক সমালোচনা লুৰিণজ্যোতিৰ
author img

By

Published : May 7, 2023, 1:18 PM IST

শৃংখলৰ গ্ৰেপ্তাৰক সমালোচনা লুৰিণজ্যোতিৰ

শিৱসাগৰ, 7 মে’ : ‘‘অতি আক্ৰোশমূলকভাৱে চৰকাৰে শৃংখল চলিহাক কৰায়ত্ত কৰিছে । চৰকাৰে কিছুমান অপৰাধীক ৰক্ষণাবেক্ষণ দিছে ৷ খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে চৰকাৰে ।’’ শনিবাৰে শিৱসাগৰ এক বিহুৰ অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi criticized Assam Govt) ৷

তেওঁ লগতে কয়, ‘‘শৃংখল চলিহাক ন্যায়পালিকায়ে মুক্তি দিলে, তাৰ পাচতো NSA ৰ এটা ধাৰা লগাই কৰায়ত্ত কৰিছে ৷ যিগৰাকী আৰক্ষী বিষয়াৰ কেছ ডায়েৰীৰ ওপৰত ভিত্তি কৰি জামিন মঞ্জুৰ কৰিছিল ৷ সেইগৰাকীকো নিলম্বন কৰিছে ৷ অৰ্থাৎ এই চৰকাৰ স্বৈৰতান্ত্ৰিক ফেচিষ্ট আৰু আক্ৰোশ মানসিকতাৰ’’ ৷

তেওঁ আৰু কয়, ‘‘আইন আদালতৰ প্ৰতি চৰকাৰৰ তিলমানো দায়দ্ধতা নাই ৷ সেয়া প্ৰমাণ হৈ গৈছে । সংবিধান আৰু ন্যায়পালিকা এই সময়ত সংকটত আছে’’ । কিছুদিন পূৰ্বে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ে অসম জাতীয় পৰিষদৰ নাম সলনি কৰি "অসম কংগ্ৰেছ ভৃত্য পৰিষদ" কৰিবলৈ তাচ্ছিল্য সূচক মন্তব্য কৰিছিল ৷

সাংসদগৰাকীৰ এই মন্তব্য সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘‘মই এইবোৰ কথাপাতি সময় নষ্ট কৰিব নুখোজো । অসমৰ সমাজ জীৱনত বহু জটিল আৰু ভয়াৱহ সমস্যা আছে ৷ আমি এইবোৰ বিষয়ত কথা বতৰা পাতিম । এনেকুৱা ধৰণৰ কথা পাতিবলৈ সময় বহুত সাংসদসকলৰ । মানুহ যেনেকুৱা স্তৰৰ যেনেকুৱা মানসিকতা, তেনেকুৱা কথায়ে ক’ব’’ (Lurinjyoti Gogoi criticized MP Pabitra Margherita) ৷

উল্লেখযোগ্য যে, আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ পবিত্ৰ মাৰ্ঘেৰিতা আৰু লুৰীণজ্যোতি গগৈৰ এই ৰাজনৈতিক বাকযুদ্ধয়ে কি পৰ্যায় পাই অনাগত সময়তহে হ’ব লক্ষণীয় । আনকি শিৱসাগৰ এক বিহুৰ অনুষ্ঠানত অংশ লৈ চৰকাৰে শৃংখল চলিহাক লক্ষ্য হিচাপে লৈছে বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । লগতে তেওঁ শৃংখল চলিহাক শীঘ্ৰে মুক্তি দিবলৈয়ো চৰকাৰক দাবী জনায় (Lurinjyoti Gogoi demand to release Shrinkhal Chaliha) ৷

লগতে পঢ়ক : Dr Sangeeta Dutta case : গ্ৰেপ্তাৰ হ’ল পলাতক চিকিৎসক ডাঃ সংগীতা দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.