ETV Bharat / state

শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সমীপত অবৈধ নিৰ্মাণ

author img

By

Published : Nov 10, 2020, 12:22 PM IST

ঐতিহাসিক তলাতল ঘৰৰ চৌহদত ব্যাপক বেদখল-পুৰাতত্ব বিভাগ প্ৰশাসনৰ নাকৰ তলতেই বেদখলকাৰী চক্ৰই সাজিলে লানি লানি ঘৰ -গৰজি উঠিছে আটাছু-প্ৰশাসন ব্যৰ্থ হ'লে নিজাববীয়া উচ্ছেদ চলোৱাৰ হুংকাৰ আটাছুৰ ৷

তলাতল ঘৰৰ সমীপত অবৈধ নিৰ্মাণ
তলাতল ঘৰৰ সমীপত অবৈধ নিৰ্মাণ

শিৱসাগৰ,10 নৱেম্বৰঃ ঐতিহাসিক তলাতল ঘৰৰ চৌহদত ব্যাপক ৰূপত বেদখল আৰম্ভ হৈছে। আহোম যুগৰ অন্যতম ৰাজধানী খ্যাত তলাতল ঘৰৰ সৌন্দৰ্য নাশ কৰি দুষ্ট চক্ৰই শাৰী শাৰী কৈ গৃহ নিৰ্মাণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শিৱসাগৰত। তলাতল ঘৰৰ পুৰাতত্ব বিভাগৰ অধীনষ্ঠ সংৰক্ষিত ভূমিত গৃহ নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে আটাছু l আটাছুৰ কেন্দ্ৰীয় উপ সভাপতি বসন্ত গগৈয়ে তাৎক্ষণিক ভাৱে এই নিৰ্মাণ কাৰ্য উচ্ছেদ কাৰিবলৈ প্ৰশাসনক দাবী জনায়।

শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সমীপত অবৈধ নিৰ্মাণ

অন্যথা নিজা ববীয়াকৈ উচ্চেদ চলাব বুলি স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে ১৬৯৬ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা তলাতল ঘৰ দৰ্শন কৰিবলৈ প্ৰতিদিনেই শ শ দেশী বিদেশী পৰ্যটকৰ ভিৰ হয় ৷ কিন্ত সম্প্ৰতি দুৰ্ভাগ্যজনকভাৱে তলাতল ঘৰৰ চৌহদত ব্যাপক ৰূপত গৃহ নিৰ্মাণ,গাহৰি ফাৰ্ম জাৰ্চী গৰুৰ ফাৰ্ম খোলাৰ ঘটনাই ৰাইজক ক্ষুণ্ণ কৰি তুলিছে ৷ ইফালে অতনু হাজৰিকা নামৰ গৃহ নিৰ্মাণ কৰা লোকজনে সকলো আইনী প্ৰক্ৰিয়াৰ মাজেৰে মাটি ক্ৰয় কৰা বুলি জানিবলৈ দিছে। তলাতল ঘৰৰ কাষত কিদৰে আইনী প্ৰক্ৰিয়াৰ মাজেৰে মাটি ক্ৰয়-বিক্ৰয় কৰিব পৰা গ'ল সেয়া ৰহস্য হৈ পৰিছে ৷
লগতে চাওকঃ কাইলৈ অগপত যোগ দিব পৰমানন্দ ৰাজবংশীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.