শিৱসাগৰ, 13 ফেব্ৰুৱাৰীঃ শিৱসাগৰৰ আৱৰ্ত ভৱনত সংবাদ মেল সম্বোধন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ দিল্লীত বিজেপিৰ পৰাজয় দেশৰ গণতন্ত্ৰৰ জয় বুলি মন্তব্য কৰে তৰুণ গগৈয়ে ৷ লগতে ধিঙৰ বিধায়ক আমিনুল ইছলামে আহোম সম্পৰ্কত কৰা মন্তব্যৰ সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আমিনুল ইছলাম আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা-বতৰাৰ মিল আছে ৷ হিমন্ত, মোডী দুয়োজনকে আহোম বিদ্বেষী বুলি আক্ৰমণাত্মক হয় তৰুণ গগৈৰ ৷ হিমন্ত বিশ্ব শৰ্মাই গগৈক ভয় নকৰো বুলি প্ৰকৃততে আহোম সকলক ইংগিত কৰিছিল ৷ আমিনুল ইছলামে হিমন্তৰ উচতনিতহে এনে মন্তব্য কৰা বুলি সন্দেহ কৰে তৰুণ গগৈৰ ৷ ৰাজ্যত এতিয়া ল'ৰা ৰজাৰ শাসন চলিছে ৷ সৰ্বানন্দ আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োজন ভাল অভিনেতা ৷ আচলতে ৰীমা দাসৰ পৰিৱৰ্তে সৰ্বানন্দ-হিমন্তহে অস্কাৰৰ দৌৰত থাকিব লাগিছিল ৷ বিচাৰকে ভুলতেহে হিমন্ত-সৰ্বানন্দৰ নাম নপঠালে বুলি মন্তব্য তৰুণ গগৈৰ ৷
আনহাতে,শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰা সন্দৰ্ভত কয়, সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ কৰাৰো পক্ষপাতী নহয় তৰুণ গগৈ ৷ সংস্কৃতক পৃথিৱীৰ ভিতৰতে গুৰুত্বপূৰ্ণ ভাষা বুলি কৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতৰ সভ্যতা, সংস্কৃতি ঐতিহ্যৰ বুনিয়াদ ৰচনাত সংস্কৃত ভাষাৰ গুৰুত্ব অপৰিসীম ৷ এই সময়ত টোল বোৰ আধুনিকীকৰণ কৰি সংস্কৃত ভাষাটোৰ প্ৰসাৰতহে গুৰুত্ব আৰোপ কৰাতো সমীচিন ৷ বন্ধ কৰিব নালাগে ৷
ইফালে,মাদ্ৰাছা সমূহ বন্ধৰ ক্ষেত্ৰত বিৰোধ কৰে তৰুণ গগৈয়ে ৷ নিজেও যোৰহাট টাউন মাদ্ৰাছাত শিক্ষা লোৱা বুলি কৈ মাদ্ৰাছাৰ আধুনিকীকৰণত গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে গগৈয়ে ৷ এয়া কেৱল সংঘাত সৃষ্টিৰ লক্ষ্যৰে কৰা হৈছে বুলি প্ৰকাশ কৰে ৷ ইয়াৰোপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে খেলো ইণ্ডিয়া,এডভান্টেজ আছাম আৰু ফিল্মফেয়াৰ বঁটাৰ লগতে এন আৰচিৰ সম্পৰ্কতো মন্তব্য কৰি বিজেপিক সমালোচনা কৰে ৷ খেলো ইণ্ডিয়া, ফিল্মফেয়াৰ আমি নিৰ্মাণ কৰা ষ্টেডিয়ামতহে পাতিছে বুলি সংবাদমেলত মন্তব্য কৰে গগৈয়ে ৷ আনহাতে, আগন্তুক শিৱসাগৰ বিধানসভাৰ উপ নিৰ্বাচন আৰু ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনত CAA বিৰোধী শক্তিৰে মিলি নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে ৷ তৰুণ গগৈৰ মতে বিজেপি হৈছে এক নম্বৰ শত্ৰু ৷ বড়ো সকলৰ লগত চুক্তিক লিপষ্টিকৰে তুলনা কৰি তৰুণ গগৈয়ে কয়,আমি বনাইয়ে থৈছিলো,এতিয়া বিজেপিয়ে ৰং সানিছে ৷ গৰিষ্ঠ সংখ্যক অনা-বড়োক ন্যাযতা নিদি বড়োভূমিত শান্তি কিদৰে সম্ভৱ বুলিও প্ৰশ্ন তৰুণ গগৈৰ ৷
আৰু পঢ়কঃ খিলঞ্জীয়া মুছলমানৰ জৰীপে সমাধান কৰিব মুছলমানৰ সমস্যা!