ETV Bharat / state

কেৰালাৰ পৰা অহা যুৱকক কেন্দ্ৰ কৰি শিমলুগুৰি ৰে’ল জংচনত আতংক

উজনিমুৱা চেন্নাই এক্সপ্ৰেছযোগে কেৰালাৰ পৰা শিৱসাগৰ জিলাৰ বেতবাৰী নাঁওজান মেচগাঁও অভিমুখে আহিছিল যুৱকজন ৷ কেৰালাত কৰ্মৰত যুৱকজন বিগত কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ৷ যাৰ ফলত যুৱকজন কৰ’ণাত আক্ৰান্ত হোৱাৰ সন্দেহত শিমলুগুৰি ৰে’ল জংচনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

boy suspect to be affected by COVID-19 at Simaluguri rail junction
কেৰালাৰ পৰা অহা যুৱকক কেন্দ্ৰ কৰি শিমলুগুৰি ৰে’ল জংচনত আতংক
author img

By

Published : Mar 15, 2020, 5:22 PM IST

নাজিৰা, 15 মাৰ্চঃ সম্প্ৰতি বিশ্বজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ আতংক ৷ ইতিমধ্যেই কৰ’ণাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ৰাজহুৱা সভা সমিতি ৷ ইয়াৰ মাজতেই দেওবাৰে কেৰালাৰ পৰা নিজ গৃহ অভিমুখে অহা এজন যুৱকক কেন্দ্ৰ কৰি শিমলুগুৰি ৰে’ল জংচনত সৃষ্টি হয় আতংকময় পৰিস্থিতিৰ ৷ উজনিমুৱা চেন্নাই এক্সপ্ৰেছযোগে কেৰালাৰ পৰা শিৱসাগৰ জিলাৰ বেতবাৰী নাঁওজান মেচগাঁও অভিমুখে আহিছিল যুৱকজন ৷

কেৰালাত কৰ্মৰত যুৱকজন বিগত কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ৷ যাৰ ফলত যুৱকজন কৰ’ণাত আক্ৰান্ত হোৱাৰ সন্দেহত শিমলুগুৰি ৰে’ল জংচনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ ৰে’ল কৰ্তৃপক্ষই এই বাতৰি লাভ কৰাৰ লগে লগে মাইকযোগে ঘোষণা কৰি যাত্ৰী সকলক সজাগ হ’বলৈ আহ্বান জনায় ৷

কেৰালাৰ পৰা অহা যুৱকক কেন্দ্ৰ কৰি শিমলুগুৰি ৰে’ল জংচনত আতংক

ইতিমধ্যে ৰে’লখনত যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ শিমলুগুৰি ৰে’ল জংচনত উপস্থিত হোৱাৰ লগে লগে যুৱকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এক আচুতীয়া কক্ষত যুৱক জনক ৰখা ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক-কৰ'নাৰ আতংকঃ 29 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.