ETV Bharat / state

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা উভতি আহিল চাহিষ্টা

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আহি শিৱসাগৰৰ নিজৰ ঘৰত উপস্থিত হ'ল চাহিষ্টা চুলতানা ৰহমান নামৰ যুৱতীগৰাকী (Sahista returns from war torn Ukraine)। আন আন ভাৰতীয়ৰ সৈতে ইউক্ৰেইনত আৱদ্ধ হৈ আছিল চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকী । চাহিষ্টাৰ পৰিয়ালৰ মাজত আনন্দৰ লহৰ ।

Russia Ukraine war
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা উভতি আহিল চাহিষ্টা
author img

By

Published : Mar 5, 2022, 6:44 PM IST

শিৱসাগৰ,৫ মাৰ্চ : যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে (Russia Ukraine War)। ইফালে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলকো উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰে । 'অপাৰেশ্যেন গংগা'ৰ (Operation Ganga) অধীনত আৰু ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানেৰে প্ৰতিদিনে উদ্ধাৰ কৰা হৈছে ভাৰতীয়সকলক । ইয়াৰ মাজতে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আহি শিৱসাগৰৰ নিজৰ বাসগৃহত উপস্থিত হ'ল চাহিষ্টা চুলতানা ৰহমান (Sahista returns from war torn Ukraine)।

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা উভতি আহিল চাহিষ্টা

শিৱসাগৰ নগৰৰ ধাই আলিৰ আব্দুল ৰহমান আৰু মুচফিকা বেগমৰ জীয়ৰী চাহিষ্টা । ইউক্ৰেইনৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত চাহিষ্টা যুদ্ধৰ আৰম্ভণি হওতেই স্বদেশলৈ ঘূৰি অহাৰ চেষ্টা কৰিছিল যদিও সংকটময় পৰিস্থিতিৰ মাজত তাত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল । ৰাছিয়াৰ সামৰিক অভিযানৰ ফলত ধ্বংসস্তুপত পৰিণত ইউক্ৰেইনৰ পৰা উভতি অহাৰ প্ৰায় সকলো বাট বন্ধ হৈ পৰিছিল ।

আনকি ৰাছিয়ান বোমাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বাংকাৰত আশ্ৰয় লৈছিল চাহিষ্টাই । অৱশেষত ভাৰত চৰকাৰৰ আৰু ভাৰতীয় দূতাবাসৰ তৎপৰতাত সুকলমে শিৱসাগৰত উপস্থিত হ'ল চাহিষ্টা চুলতানা ৰহমান ।

আনহাতে ইউক্ৰেনত আৰম্ভ হোৱা যুদ্ধই তীব্ৰ আতংকৰ সৃষ্টি কৰিছিল চাহিষ্টাৰ ঘৰত । প্ৰতি মুহূৰ্ততে যুদ্ধৰ বাতৰিক লৈ শংকিত হৈ পৰিছিল চাহিষ্টাৰ পৰিয়াল । প্ৰায় ১০ দিনে তীব্ৰ মানসিক হেঁচাত সময় পাৰ কৰিব লগীয়া হৈছিল চাহিষ্টাৰ পৰিয়াটোৱে । অৱশেষত চাহিষ্টা বাসগৃহত উপস্থিত হোৱাৰ লগে লগে এতিয়া হাঁহি বিৰিঙিছে পৰিয়ালটোৰ সদস্যসকলৰ মুখত ।

লগতে পঢ়ক :Karbi Youth Festival 2022 : তাৰালাংচৰ বাকৰিত কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.