আমগুৰি , 25 চেপ্তেম্বৰঃ আমগুৰি বৰাহীবাৰী গাঁও পঞ্চায়তত তিনি বছৰেও সম্পূৰ্ণ ন'হল এখন দলং ৷ প্ৰায় ছয় লক্ষাধিক টকাৰে নিৰ্মাণ কৰা দলঙখন একাংশ বিষয়াৰ বাবে হৈ পৰিল ধন ঘটাৰ আহিলা ৷ ৰজাবাম মাউৎ গাঁও সংযোগী দলঙখন সম্পূৰ্ণ নোহোৱাত ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা ৷ টিফুক নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ নিৰ্মাণৰ বাবে ২০১৫-১৬ চতুৰ্থ বিত্তীয় বৰ্ষত ৫ লাখ ৯৮ হাজাৰ ৬৫২ টকা আৱন্টন হৈছিল যদিও আজিও সম্পূৰ্ণ ন'হল দলঙখন ৷ আনহাতে ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰীত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দলঙখনৰ আধাৰশিলা স্থাপন কৰিছিল যদিও সম্প্ৰতি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও লোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে ৷
আমগুৰিত তিনি বছৰেও সম্পূৰ্ণ ন'হল এখন দলং - ছয় লক্ষাধিক টকাৰে নিৰ্মাণ কৰা এখন দলং
আমগুৰিৰ টিফুক নদীৰ ওপৰত ছয় লক্ষাধিক টকাৰে নিৰ্মাণ কৰা এখন দলং তিনি বছৰে সম্পূৰ্ণ ন'হল ৷ চকু মুদা কুলিৰ ভাও লোৱাৰ অভিযোগ স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ৷
আমগুৰি , 25 চেপ্তেম্বৰঃ আমগুৰি বৰাহীবাৰী গাঁও পঞ্চায়তত তিনি বছৰেও সম্পূৰ্ণ ন'হল এখন দলং ৷ প্ৰায় ছয় লক্ষাধিক টকাৰে নিৰ্মাণ কৰা দলঙখন একাংশ বিষয়াৰ বাবে হৈ পৰিল ধন ঘটাৰ আহিলা ৷ ৰজাবাম মাউৎ গাঁও সংযোগী দলঙখন সম্পূৰ্ণ নোহোৱাত ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা ৷ টিফুক নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ নিৰ্মাণৰ বাবে ২০১৫-১৬ চতুৰ্থ বিত্তীয় বৰ্ষত ৫ লাখ ৯৮ হাজাৰ ৬৫২ টকা আৱন্টন হৈছিল যদিও আজিও সম্পূৰ্ণ ন'হল দলঙখন ৷ আনহাতে ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰীত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দলঙখনৰ আধাৰশিলা স্থাপন কৰিছিল যদিও সম্প্ৰতি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও লোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে ৷
আমগুৰি বৰাহীবাৰী গাঁও পঞ্চায়তত তিনি বছৰেও সম্পূৰ্ণ নহল এখন দলং
ৰজাবাম মাউৎ গাঁও সংযোগী দলংখন সম্পূৰ্ণ নোহোৱাত ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা
টিফুক নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে
২০১৫-১৬ চতুৰ্থ বিত্তীয় বৰ্ষত ৫ লাখ ৯৮ হাজাৰ ৬৫২ টকা অবন্টন হৈছিল যদিও দলংখন সম্পূৰ্ণ নহল
আনহাতে ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰীত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই উদ্বোধন কৰিছিল যদিও সম্প্ৰতি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও লোৱাৰ অভিযোগ আনিছে।
উল্লেখ্য যে প্ৰায় ছয় লক্ষাধিক টকাৰে নিৰ্মাণ কৰা দলংখন একাংশ বিষয়াৰ বাবে ধন ঘটাৰ আহিলা হৈ পৰিছে।
স্থানীয় লোকে শীঘ্ৰে দলংখন বৰাহীবাৰী গাঁও পঞ্চায়তক নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।
সমীৰণ দুৱৰা আমগুৰিConclusion: