ETV Bharat / state

চাফাই অভিযানত নামিল আমগুৰি ই-ৰিক্সা চালক সন্থা

author img

By

Published : Jul 17, 2019, 10:53 AM IST

চাফাই অভিযানত নামিল আমগুৰি ই-ৰিক্সা চালক সন্থা ৷ দীৰ্ঘদিন অৱহেলিত উদ্যানৰ চাফাই অভিযানত নামি দেখুৱালে নিদৰ্শন ৷

চাফাই অভিযানত নামিল  আমগুৰি ই-ৰিক্সা চালক সন্থা

শিৱসাগৰ,আমগুৰি,17 জুলাইঃ আমগুৰি ই-ৰিক্সা চালক সন্থাৰ এক ব্যতিক্ৰমী প্ৰচেষ্টাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰে আমগুৰি দেওবৰীয়া বজাৰৰ সমীপত থকা অত্যাধুনিক শান্তিবন উদ্যানৰ চাফাই অভিযানত সন্থাৰ সদস্যসকলক স্বেচ্ছাই শ্ৰমদান কৰা দেখা গ'ল ৷ আমগুৰি ই-ৰিক্সা চালক সন্থাৰ উদ্যোগত প্ৰায় অৰ্ধ-শতাধিক ই-ৰিক্সা চালকে হাতত কোৰ-ঝাড়ু লৈ অপৰিস্কাৰ হৈ থকা শান্তিবনৰ চাফাই কাৰ্য সম্পন্ন কৰে।

উল্লেখ্য যে ২০০৫ চনতে নিৰ্মাণ কৰা আমগুৰিৰ অত্যাধুনিক শান্তিবনখন প্ৰয়োজনীয় চোৱা-চিতাৰ অভাৱত চৌপাশ হাবি-জংঘলেৰে আৱৰি ধৰাত অপৰিষ্কাৰ হৈ আছিল ৷ চাফাই অভিযানত সদস্যসকলক আমগুৰি ই-ৰিক্সা চালক সন্থাৰ সভাপতি ৰাজেন গগৈ আৰু সম্পাদক দীপক দাসে সংগ প্ৰদান কৰে ৷ আমগুৰি ই-ৰিক্সা চালক সন্থাৰ এনে প্ৰশংসনীয় পদক্ষেপক আমগুৰিৰ স্থানীয় ৰাইজে আদৰণি জনায় ৷

Intro:Body:
আমগুৰি,১৭ জুলাই:
আমগুৰি ই-ৰিক্সা চালক সন্থাৰ আদৰণীয় পদক্ষেপ:

চাফাই কৰিলে আমগুৰি দেওবৰীয়া বজাৰৰ সমীপত থকা অত্যাধুনিক
শান্তিবন

আমগুৰি ই-ৰিক্সা চালক সন্থাৰ উদ্যোগত অৰ্দ্ধ-শতাধিক ই-ৰিক্সা চালকে হাতত কোৰ-ঝাড়ু লৈ অপৰিস্কাৰ হৈ থকা শান্তিবনৰ চাফাই কৰে।

উল্লেখ্য যে ২০০৫ চনতে নিৰ্মাণ কৰা আমগুৰিৰ অত্যাধুনিক শান্তিবনখন চোৱা-চিতাৰ অভাৱত হাবি-জংঘলেৰে বেঢ়ি ধৰাৰ লগতে চাৰিওদিশে অপৰিস্কাৰ হৈ আছিল।

এইক্ষেত্ৰত শান্তিবনখন চাফাই কৰা অথবা ধ্বংস হবলৈ ধৰা ঘৰবিলাক মেৰামতি কৰাত আমগুৰি পৌৰসভা অথবা স্থানীয় বিধায়কে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ফলত আজি আমগুৰি ই-ৰিক্সা চালক সন্থাৰ সভাপতি ৰাজেন গগৈ আৰু সম্পাদক দীপক দাসৰ নেতৃত্বত ই-ৰিক্সা চালকসকলে চাফাই কাৰ্য সম্পন্ন কৰে।

আমগুৰি ই-ৰিক্সা চালক সন্থাৰ এনে পদক্ষেপক আমগুৰিৰ সচেতন লোকসকলে আদৰণি জনায়।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.