নলবাৰী,24 ছেপ্তেম্বৰঃ ৰাজনৈতিক দলক সমৰ্থন নকৰো আৰু ৰাজনৈতিক গানো নাগাও ৷ বৃহস্পতিবাৰে নলবাৰীৰ বৃন্দাবন মাৰ্টৰ কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰে হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গে ৷ তদুপৰি কা আন্দোলন পুনৰ আৰম্ভ হ'লে প্ৰথমতে তেওঁয়েই থাকিব বুলিও সাংবাদিকক কয় হাৰ্টথ্ৰ'ৱ গৰাকীয়ে ৷
ইপিনে,অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত জড়িত দোষী ব্যক্তিয়ে শাস্তি পোৱাটো বিচৰাৰ কথাও জানিবলৈ দিয়ে জুবিন গাৰ্গে ৷ উল্লেখযোগ্য যে,বৃন্দাবন মাৰ্টৰ বিভিন্ন কাম-কাজৰ বাবে নলবাৰীত উপস্থিত হোৱাৰ সময়ত জুবিন গাৰ্গৰ সৈতে উপস্থিত আছিল পত্নী গৰিমা গাৰ্গো ৷
লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ