ETV Bharat / state

ধৰ্মপুৰত নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে

author img

By

Published : Mar 26, 2021, 9:59 PM IST

ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টি সমূহৰ লেখীয়াকৈ নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিটো তুংগত উঠিছে প্ৰচাৰ ৷ শুকুৰবাৰে ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ ধৰ্মপুৰৰ বালিপথাৰত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী গৰাকীয়ে ৷

ধৰ্মপুৰত নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে
ধৰ্মপুৰত নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে

নলবাৰী,26 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টি সমূহৰ লেখীয়াকৈ নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিটো তুংগত উঠিছে প্ৰচাৰ ৷ শুকুৰবাৰে ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷ ধৰ্মপুৰৰ বালিপথাৰত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী গৰাকীয়ে ৷

ভাষণ প্ৰসংগত চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰসংশাত পঞ্চমুখৰ হৈ পৰে নীতিন গাডকাৰী ৷ গাডকাৰীয়ে কয়, চন্দ্ৰমোহন পাটোৱাৰী ভাৰতবৰ্ষৰ ভিতৰতে সক্ৰিয় মন্ত্ৰী । মই সুধিছিলো ধৰ্মপুৰৰ কি পথ বনাব আছে, চন্দ্ৰমোহন পাটোৱাৰীয়ে কলে ধৰ্মপুৰৰ সকলো পথ নিৰ্মাণ হৈছে । পথ নিৰ্মাণ কৰিবলৈ বাকী নাই। বিজেপি চৰকাৰেই ব্ৰহ্মপুত্ৰৰ ওপৰত আটাইতকৈ বেছি দলং নিৰ্মাণ কৰিছে আৰু আগন্তক দিনত অসমৰ পথ নিৰ্মাণৰ বাবে দুই লাখ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে ৷

চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী গৰাকীয়ে কয়, আগন্তুক দিনত অসমৰ পথ নিৰ্মাণৰ বাবে দুই লাখ কোটি টকা অনুমোদন দিয়াৰ লগতে অসমক ঔদ্যোগিক কেন্দ্ৰ ৰূপে গঢ়ি তোলা হ'ব । ইতিমধ্যে বেম্বো মিচনৰ বাবে ১৩ শ কোটি টকা আৱন্তন দিয়া হৈছে ৷ উল্লেখ্য যে, এই সভাতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বক্তব্য প্ৰদান কৰি কয়, কংগ্ৰেছৰ গেৰান্টি বাদ দি পদূম ফুলত ভোট দিয়ক আৰু পাঁচ বছৰ আৰামত থাকক ।

লগতে পঢ়ক: বতৰে কি প্ৰভাৱ পেলাব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.