ETV Bharat / state

নলবাৰী জিলা শব্দ যন্ত্ৰ কমিটিৰ চৰকাৰলৈ সহায়ৰ আহ্বান - নলবাৰী জিলা শব্দ যন্ত্ৰ কমিটিৰ চৰকাৰলৈ সহায়ৰ আহ্বান

কৰ'ণা ভাইৰাছৰ ফলত এতিয়া অসহায় অৱস্থা নলবাৰীৰ জিলাৰ শব্দ যন্ত্ৰৰ সৈতে বহু সংখ্যক লোকৰ । সহায়ৰ বাবে চৰকাৰক কাতৰ অনুৰোধ কমিটিটোৰ ।

Nalbari Sound Industry wants govt help
Nalbari Sound Industry wants govt help
author img

By

Published : Jun 19, 2020, 8:58 PM IST

নলবাৰী, 19 জুনঃ অসম চৰকাৰলৈ কাতৰ অনুৰোধ নলবাৰীৰ জিলাৰ শব্দ যন্ত্ৰ কমিটিৰ । কৰ’ণা মহামাৰীৰ ফলত এতিয়া বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে শব্দ যন্ত্ৰৰ লগত জড়িত থকা লোকসকলৰ লগতে মালিক পক্ষ ৷

এই ক্ষতিগ্ৰস্ত লোকসকলৰ বৰ্তমানে পানীত হাঁহ নচৰা অৱস্থা ৷ তাৰেই এক ফলপ্ৰসূ সমাধানৰ বাবে শুকুৰবাৰে নলবাৰী বগলচ্‌ৰোড চ’কস্থিত নবোদয় সংঘত এক আলোচনাত মিলিত হয় নলবাৰী জিলাৰ শব্দ যন্ত্ৰৰ মালিক পক্ষ সকল ৷ এই আলোচনাতেই সভাপতি জিতেন্দ্ৰ জৈন আৰু সাধাৰণ সম্পাদক পংকজ কলিতাৰ নেতৃত্বত এটি 21 জনীয়া কমিটিৰে পূৰ্ণাংগ সমিতি গঠন কৰা হয় ৷

নলবাৰী জিলা শব্দ যন্ত্ৰ কমিটিৰ চৰকাৰলৈ সহায়ৰ আহ্বান

এই সমিতিখনে অনাগত দিনত চৰকাৰখনক এক ইতিবাচক দৃষ্টি ভংগীৰে অন্তত এক ৰাজহ ঋণ প্ৰদান কৰি উদ্যোগটো তথা উদ্যোগটোৰ লগত জড়িত হৈ থকা ব্যক্তি সকলক জীয়াই ৰাখিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, এই উদ্যোগত জড়িত সকলে একমাত্ৰ বিহু খনকেই মুখ্য হিচাপে গণ্য কৰি চলি আছিল ৷ কিন্তু এইবাৰ কৰ’ণা মহামাৰীৰ বাবে সেয়াও স্তব্ধ হৈ পৰিল ৷

লগতে চাওকঃ বীৰ জোৱান জয় কিশোৰ সিঙৰ শেষকৃত্য সম্পন্নঃ হাজাৰ হাজাৰ লোকৰ সমাগম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.