ETV Bharat / state

ধমধমাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয়ৰ

ভূটানে এৰি দিয়া পানী আৰু নেৰা-নেপেৰা বৰষুনৰ ফলত পাগলদিয়া নৈয়ে নলবাৰীৰ ধমধমাৰ বিভিন্ন অঞ্চলত প্ৰতিবছৰে ক্ষতিসাধন কৰি আহিছে ৷

ধমধমাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয়ৰ
author img

By

Published : Jul 31, 2019, 4:13 PM IST

নলবাৰী, 31 জুলাইঃ নলবাৰী ধমধমাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ ৷ চৰকাৰ বা জলসম্পদ বিভাগলৈ অপেক্ষা নকৰি গাঁঠিৰ ধন ভাহি খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল ৰাইজ ৷ উল্লেখ্য যে, ভূটানে এৰি দিয়া পানী আৰু নেৰা-নেপেৰা বৰষুনৰ ফলত পাগলদিয়া নৈয়ে নলবাৰীৰ ধমধমাৰ বিভিন্ন অঞ্চলত প্ৰতিবছৰে ক্ষতিসাধন কৰি আহিছে ৷ নলবাৰীৰ ধমধমা হৈ বাকছাৰ তামুলপুৰলৈ যোৱা একমাত্ৰ সংযোগী পথটো বিগত তিনিটাকৈ প্ৰলয়ংকাৰী বানে ছিঙি নিয়ে ৷ ফলত নিঃশেষৰ দিশে পথছোৱা৷ আনহাতে, পথৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰাত দুৰ্ভোগ ভুগিছে ৰাইজে৷

Intro:চৰকাৰ বা জলসম্পদ বিভাগক আৰু কিমান বাট চাব। এইবাৰ নলবাৰীৰ ধমধমাত ৰাইজৰ ধনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা । গৰাখহনিয়া ৰোধৰ বাবে সকলো ৰাইজ ওলাই আহিল একেলগেBody:ভূটানে এৰি দিয়া পানী অাৰু নেৰা নেপেৰা বৰষুনৰ ফলত পাগলদিয়া নৈয়ে নলবাৰীৰ ধমধমাৰ বিভিন্ন অঞ্চলত প্ৰতিবছৰে ক্ষতিসাধন কৰে । এই পথটোলৈ মন কৰক, এইটো নলবাৰী জিলাৰ ধমধমাহৈ বাগছা জিলাৰ তামুলপুৰলৈ যোৱা একমাত্ৰ পথ। যোৱা তিনিটা প্ৰলয়নকাৰী বানত পথটো ছিঙি নিয়াত এতিয়া নিশেষ হোৱাৰ পথত । অঞ্চলবাসীৰ যোগাযোগ প্রায় ব্যাহত হোৱাৰ পথত ।যোৱাতো বানৰ দৰে যদি পুনৰ পথটোৰ কাষেৰে বৈ যোৱা পাগলদিয়া নৈয়ে পথটো পুনৰ ছিঙি নিয়ে তেন্তে ভয়ানক বানৰ কবলত পৰাৰ অাকাংক্ষা কৰিছে অঞ্চলবাসী
ৰাইজে । সেয়হে পথটোৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগ নাইবা চৰকাৰলৈ বাট নাচাই ৰাইজৰ ধনেৰে গৰাখহনীয়া প্ৰতিৰোধ কৰা চেষ্টা চলাই এইসকল গঞাই । যোৱা কেইটাদিনে প্ৰতিদিনে এইদৰে গৰাখনিয়া ৰোধৰ বাবে ওলাই আহিল অঞ্চলটোৰ ৰাইজ। নিজ গাঁঠিৰ ধনেৰে কিনিলে বিভিন্ন সামগ্ৰী গৰাখনিয়া ৰোধৰ বাবে।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.