ETV Bharat / state

বৰক্ষেত্ৰীত শোকাবহ দুৰ্ঘটনা

author img

By

Published : Jan 15, 2021, 8:55 PM IST

বৰক্ষেত্ৰীৰ ঘৰুৱাবাহাত পথ মেৰামতিৰ কাম কৰি থকা এগৰাকী বনুৱা মহিলাক মহতিয়াই নিয়ে এখন চাৰিচকীয়া বাহনে । মহিলা গৰাকীক সংকটজনক অৱস্থাত মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত মৃত্য়ু হয় মহিলা গৰাকীৰ । উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনত অগ্নি সংযোগ কৰে ।

বৰক্ষেত্ৰীত শোকাবহ দুৰ্ঘটনা
বৰক্ষেত্ৰীত শোকাবহ দুৰ্ঘটনা

নলবাৰী , ১৫ জানুৱাৰী : বৰক্ষেত্ৰীত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । ঘৰুৱাবাহাত পথ মেৰামতিৰ কাম কৰি থকা এগৰাকী বনুৱা মহিলাক মহতিয়াই নিয়ে এখন চাৰিচকীয়া বাহনে । তীব্ৰবেগী বাহন খনে মহতিয়াই নিয়া মহিলা গৰাকীক সংকটজনক অৱস্থাত মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত মৃত্য়ু হয় মহিলা গৰাকীৰ । মৃত মহিলা গৰাকী কেকানকুছি গাৱঁৰ গণেশ্বৰী বড়ো বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাৰ পিছতে সেই স্থানত তীব্ৰ উত্তেজনাই বিৰাজ কৰে আৰু উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনত অগ্নি সংযোগ কৰে । অৱশ্য়ে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহনখনৰ চালকজন ।

লগতে পঢ়ক :কোন জিলাৰ ক'ত ক'ত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.