নলবাৰী, 15 মেঃ নলবাৰীত লক ডাউনৰ নিয়ম উলংঘাৰ বাবে ২৫ খন দোকান ছীল কৰাৰ নিৰ্দেশ প্ৰশাসনৰ ৷ জিলাখনৰ বানেকুছি ৰাজহ চক্ৰৰ অধীনৰ আমৰতল চ'কত সংঘটিত হয় ঘটনা ৷
সমগ্ৰ বিশ্বৰ লগতে নলবাৰী জিলাতো অব্যাহত আছে লক ডাউন ব্যৱস্থাৰ ৷ COVID-19 Regulation 2020 অনুসৰি জিলাখনত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰ- প্ৰশাসনে । আনহাতে, অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিভিন্ন সীমাবদ্ধতা আৰু শিথিলকৰণৰো ব্যৱস্থা কৰিছে । এই ব্যৱস্থা অনুসৰি তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ছোৱাত এক তৃতীয়াংশ দোকান ৰাতিপুৱা ৬-০০ বজাৰ পৰা সন্ধিয়া ৫-০০ বজালৈ খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে । অৱশ্যে গেলামাল দোকান , ফাৰ্মাচী আৰু কিতাপৰ দোকান সপ্তাহৰ প্ৰতিটো দিনতে খোলা ৰাখিব পাৰিব কিন্তু সময়সীমা একেই থাকিব বুলি নিৰ্দেশ জাৰি কৰিছিল । আনহাতে, বুধবাৰে নলবাৰী জিলাখনৰ বানেকুছি ৰাজহ চক্ৰৰ অধীনৰ আমৰতল চ'কত ২৫ খনকৈ দোকানৰ মালিকে নিৰ্ধাৰিত সময়সীমা সন্ধিয়া ৫-০০ বজাৰ পিছতো বিভিন্ন দোকান খোলা ৰখাটো দৃষ্টিগোচৰ হয় জিলা প্ৰশাসনৰ । লক ডাউনৰ নিয়ম উলংঘা কৰাৰ কাৰণে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে উক্ত ২৫ খন দোকান ছীল কৰাৰ নিৰ্দেশ জাৰি কৰিছে । তাৰোপৰি, যি সকলে লক ডাউনৰ নিয়ম উলংঘা কৰিব জিলা প্ৰশাসনে কোভিড-১৯ অধিনিয়ম , ২০২০ ৰ অধীনত সেইসকল লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে ।