ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 13, 2022, 2:56 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

চিৰাঙত তেল ডিপোৰ মেনেজাৰক নৃশংসভাৱে হত্যা

চিৰাং জিলাৰ কাজলগাঁৱৰ এটা তেল ডিপোৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ । তিনি কৰ্মচাৰীৰ মাজৰ কাজিয়াৰ ফলত মৃত্যু হয় ডিপোটোৰ মেনেজাৰৰ (Oil depot employee dead)। বাকী দুই কৰ্মচাৰী গুৰুতৰভাৱে আহত । ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Nagaon brutal murder: হত্যাকাৰীয়ে কাটিছিল মহিলাৰ জিভা

নগাঁৱৰ হয়বৰগাঁৱৰ গোটলাইপট্টিত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ (Woman body recovered)। আয়েছা ছিদ্দিকি নামৰ প্ৰায় ৫০ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰতে পোৱা গৈছিল । হাত ভৰি বন্ধা অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল (Nagaon murder case)।

কহিনুৰ হীৰা ভগৱান জগন্নাথৰ আছিল : ওড়িশাৰ সংগঠনৰ দাবী

পঞ্জাবৰ মহাৰাজা ৰঞ্জিত সিঙে আফগানিস্তানৰ নাদিৰ শ্বাহৰ বিৰুদ্ধে যুঁজত জয়ী হোৱাৰ পিছত পুৰীৰ ভগৱানক হীৰাডোখৰ দান কৰিছিল (Maharaja Ranjit Singh donated Kohinoor to Puri Lord) । অৱশ্যে তাক লগে লগে হস্তান্তৰ কৰা হোৱা নাছিল । ইতিহাসবিদ আৰু গৱেষক অনিল ধীৰে জনোৱা মতে, ৰঞ্জিত সিঙৰ ১৮৩৯ চনত মৃত্যু হয় আৰু ১০ বছৰ পিছত ব্ৰিটিছে কহিনুৰ হীৰা তেওঁৰ পুত্ৰ দুলিপ সিঙৰ পৰা লৈ যায় ৷ কিন্তু তেওঁলোকে জানিছিল যে এই হীৰা পুৰীৰ ভগৱান জগন্নাথক প্ৰদান কৰা হৈছিল (Puri Jagannath Temple) ।

১২ বছৰৰ অন্তত ত্ৰিপুৰা আৰক্ষীৰ জালত গাৰ্হস্থ্য হিংসাৰ অভিযুক্ত

স্মাৰ্ট ত্ৰিপুৰা আৰক্ষীৰ প্ৰকৃত ছবি পোহৰলৈ আহিছে । সুদীৰ্ঘ ১২ বছৰৰ অন্তত আৰক্ষীৰ জালত পৰিছে গাৰ্হস্থ্য হিংসাৰ এজন অভিযুক্ত (Tripura police arrest accused after 12 years)। গাৰ্হস্থ্য হিংসাৰ বলি হোৱা পত্নীয়ে স্বামীৰ বিৰুদ্ধে দিছিল গোচৰ ।

শালকাঠনি চাহ বাগিচাৰ মহিলাৰ সাপেখাতী থানা ঘেৰাও

সাপেখাতী থানা ঘেৰাও শালকাঠনি চাহ বাগিচাৰ শ শ মহিলাৰ (local women gheraoed Sapekhati police station) । গণপ্ৰহাৰত এজন লোকক হত্যা কৰা ঘটনাক সন্দৰ্ভত আৰক্ষীয়ে দুজনক আটক কৰাৰ পাছতে ৰাইজে ঘেৰাও কৰে থানা ।

আকাশত দেখা গ'ল তৰাৰ ৰে'ল : ভিডিঅ' ভাইৰেল

সোমবাৰে গভীৰ নিশা উত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ আকাশত দেখা গ’ল এক অনন্য দৃশ্য(Train of starlink sattellites lights UP sky) । আকাশত একেলগে দেখিবলৈ পোৱা গ'ল উজ্বল তৰাৰ শৃংখলাবদ্ধ গতি ৷ যি এবাৰ ওপৰলৈ গৈছিল আৰু ক্ৰমান্বয়ে তললৈ নামি আহিছিল ৷ এই অলৌকিক ঘটনাৰ ফটো আৰু ভিডিঅ’ সম্প্ৰতি ছচিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে ।

হাউলীত ভেজাল সুৰা প্ৰস্তুতকাৰী কাৰখানা উৎখাত

বৰপেটা জিলাৰ হাউলীত নকল আৰু ভেজাল সুৰা প্ৰস্তুত কৰা কাৰখানা উৎখাত (duplicate liquor factory busted at Hawli Barpeta) ৷ হাউলীৰ জলজলীত কাৰখানা স্থাপন কৰি দীৰ্ঘদিন ধৰি নকল আৰু ভেজাল বিলাতী সুৰা তৈয়াৰ কৰি গোপনে বিক্ৰী কৰা হৈছিল ৷ গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আজি পুৱা বৰপেটাৰ আবকাৰী বিভাগে অভিযান চলায় এই অবৈধ সুৰা কাৰখানাত (Barpeta excise department raids in illegal liquor factory) ৷

ৰঙিয়াত জব্দ গাঞ্জা: গ্ৰেপ্তাৰ হোটেলৰ মালিক

আৰক্ষীয়ে ৰঙিয়া হাইৱে চ'কত থকা আচান আলীৰ হোটেল "ফাতেমা"ত অতৰ্কিতে অভিযান চলাই প্ৰায় ১ কেজি গাঞ্জা জব্দ কৰে । জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

কৰিমগঞ্জত প্ৰায় 1 কোটি টকাৰ য়াবা টেবলেটসহ আটক এজনক

কৰিমগঞ্জত জব্দ প্ৰায় 20,000 হাজাৰ য়াবা টেবলেট (Karimganj police seized yaba tablets) ৷ জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় 1 কোটি টকা ৷ ঘটনা সংক্ৰান্তত আটক কৰা হৈছে এজন লোকক ৷

মাজুলী কৃষি বিভাগত দুৰ্নীতিৰ অভিযোগ

মাজুলীৰ কৃষি বিভাগত ইটোৰ পাছত সিটো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ (Corruption in Majuli Agriculture Department) । মাজুলীৰ কৃষি বিভাগে ২০১৮-১৯ বৰ্ষত কৃষি বিভাগৰ উদ্যান শস্য বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা Permanent Green House আৰু Small Nursery ৰ নামত এইবাৰ সংঘটিত হৈছে দুৰ্নীতি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.