ETV Bharat / state

Reward for giving thief information: চোৰৰ খবৰ দিওঁতালৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ

author img

By

Published : May 10, 2022, 10:11 PM IST

নগাঁও চহৰৰ চকীটুপত চাঞ্চল্যকৰ চুৰিকাণ্ড(Sensational theft in Chakitup) । চকীটুপ মজিদ ৰোডৰ গহনাৰ বিপনীৰ পৰা কৰ্মচাৰীয়ে লুটিলে সোণ-ৰূপৰ গহনা সহ ৪৭০০০ হাজাৰ নগদ ধন(Employee theft in shop) । চোৰ ধৰোতালৈ ১০ হাজাাৰ টকাৰ পুৰস্কাৰ ঘোষণা বিপনীৰ স্বত্বাধিকাৰীৰ ।

Ten thousand rewards for giving thief information
কৰ্মচাৰীয়ে লুটিলে দোকান

চামগুৰি,১০ মে': আপোনাৰ দোকানখন কৰ্মচাৰীক এৰি দি বাহিৰলৈ যায় নেকি ? যদি যায় তেন্তে এতিয়াৰ পৰা সাৱধান হওক আপুনিও । কিয়নো আপোনাৰ লগতো ঘটিব পাৰে এনে ঘটনা । নগাঁও চহৰৰ চকীটুপ মজিদ ৰোডত থকা গহণাৰ বিপনীত কৰ্মচাৰীৰ লুটপাত(Employee theft in shop) ।

নুৰুল আমিন জুয়েলাৰ্চ নামৰ গহনাৰ বিপনীখনত কৰ্মৰত অৱস্থাত আছিল জুৰীয়াৰ এজন লোক । যুৱকজনৰ নাম পংকজ কৰ্মকাৰ । কিন্তু মতিভ্ৰষ্ট হ'ল কৰ্মকাৰৰ । দোকানখনত মালিক নথকাৰ সুযোগ গ্ৰহণ কৰি দোকানত থকা সোণ-ৰূপৰ গহনাৰ লগতে নগদ ৪৭,০০০ হাজাৰ টকা লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে দোকানখনৰ গৰাকীয়ে ।

কৰ্মচাৰীয়ে লুটিলে দোকান

এই ঘটনা সংঘটিত কৰা দিনৰে পৰা পংকজে আত্মগোপন কৰি থকাৰ লগতে মোবাইলৰ সংযোগ বন্ধ কৰি ৰাখিছে । ঘটনা সংঘটিত কৰাৰ পিছতেই নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ভোক্তভোগীয়ে ৷ পিছে এমাহ পাৰ হৈ যোৱাৰ পিছতো নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ'ল অভিযুক্ত যুৱকজনক ।

উপায়ন্তৰ হৈ মঙলবাৰে দোকানৰ স্বতাধিকাৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে কোনো ব্যক্তিয়ে যুৱকজনক ধৰি দিব পাৰিলে ১০ হাজাৰ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে । তদুপৰি এই যুৱকজনক যদি কোনো লোকে দেখা পায়, তেন্তে কাষৰ আৰক্ষীক অথবা দোকানৰ গৰাকীৰ ৮৮২২০০৪১৫৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: শীঘ্ৰেই সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব AFSPA : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.