বটদ্ৰৱাত বৃদ্ধ মাতৃক লগতলৈ কলিযুগৰ শ্ৰৱণ কুমাৰ ৷ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কৰ্নাটকৰ ডি কৃষ্ণ কুমাৰ আৰু ৭০ বছৰীয়া বৃদ্ধা মাতৃ সুধাৰত্না ৷ ৪১ হেজাৰ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি গুৰুজনাৰ জন্মভূমিত উপস্থিত হ'ল কলিযুগৰ শ্ৰৱণ কুমাৰ অৰ্থাৎ ডি কৃষ্ণ কুমাৰ ৷ এক প্ৰতিবেদন.......
বটদ্ৰৱাত কলিযুগৰ শ্ৰৱণ কুমাৰ
যি সময়ত পিতৃ মাতৃক নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য পৰা হাত সাৰিবলৈ সতি সন্তানে বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থয়, সেই সময়তে নিজৰ মাতৃৰ বাবে জীৱনৰ সকলো ত্যাগ কৰি মাতৃৰ মনোবাঞ্চা পূৰণৰ বাবে শ্ৰৱন কুমাৰক আদৰ্শ হিচাপে লৈ আগবাঢ়িছে ৰাজা ৰাও দক্ষিণামূৰ্তি কৃষ্ণ কুমাৰ নামৰ ব্যক্তি গৰীকায়ে
বটদ্ৰৱাত কলিযুগৰ শ্ৰৱণ কুমাৰ
বটদ্ৰৱাত বৃদ্ধ মাতৃক লগতলৈ কলিযুগৰ শ্ৰৱণ কুমাৰ ৷ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কৰ্নাটকৰ ডি কৃষ্ণ কুমাৰ আৰু ৭০ বছৰীয়া বৃদ্ধা মাতৃ সুধাৰত্না ৷ ৪১ হেজাৰ কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি গুৰুজনাৰ জন্মভূমিত উপস্থিত হ'ল কলিযুগৰ শ্ৰৱণ কুমাৰ অৰ্থাৎ ডি কৃষ্ণ কুমাৰ ৷ এক প্ৰতিবেদন.......
Intro:গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত বৃদ্ধ মাতৃক লৈ কলিযুগৰ শ্ৰৱণ কুমাৰ । ই টি ভি ভাৰতৰ সাংবাদিকে বটদ্ৰৱাৰ চৌদিশে দৰ্শন কৰালে কৰ্নাটকৰ শ্ৰৱন কুমাৰ আৰু বৃদ্ধ মাতৃক । Body:গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কৰ্নাটকৰ ডি কৃষ্ণ কুমাৰ অৰ্থাৎ আৰু ৭০ বছৰীয়া বৃদ্ধ মাতৃ সুধাৰত্না । ৪১ হেজাৰ কিলোমিটাৰ পথ পৰিভ্ৰমন কৰি গুৰুজনাৰ জন্মভূমিত উপস্থিত হল কলিযুগৰ শ্ৰৱণ কুমাৰ অৰ্থাৎ ডি কৃষ্ণ কুমাৰ । ৭০ বছৰীয়া বৃদ্ধ মাতৃক লৈ উপস্থিত হোৱা শ্ৰৱণ কুমাৰক গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হোৱাৰে পৰা সংগ দি বটদ্ৰৱাৰ চৌদিশ দৰ্শন কৰালে ই টি ভি ভাৰত অসমৰ বটদ্ৰৱাৰ সাংবাদিক প্ৰাঞ্জল বৰাই । যি সময়ত পিতৃ মাতৃক নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য পৰা হাত সাৰিবলৈ সতি সন্তানে বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থয়, সেই সময়তে নিজৰ মাতৃৰ বাবে জীৱনৰ সকলো ত্যাগ কৰি মাতৃৰ মনোবাঞ্চা পূৰণাৰ্থে জীৱনৰ জীয়াই থকা সময় শ্ৰৱনক আদৰ্শ হিচাপে লৈ আগবাঢ়া এইজন চিৰকৌমাৰ্য ব্ৰতাৱলম্বী কৃষ্ণ কুমাৰ অৰ্থাৎ ৰাজা ৰাও দক্ষিণামূৰ্তি কৃষ্ণ কুমাৰ।কৰ্নাটকৰ মহীশূৰৰ মানস গংগোত্ৰী বিশ্ববিদ্যালয়ৰ সমীপৰ নিবাসী দক্ষিণামূৰ্তি কৃষ্ণ কুমাৰ। বাংগালোৰৰ এটি কৰ্পৰেট খণ্ডৰ টিম লিডাৰ হিচাপে কৰ্মৰত কৃষ্ণ কুমাৰ পিতৃ প্ৰয়াত ৰাজা ৰাও দক্ষিণামূৰ্তি আৰু মাতৃৰ নাম সুধাৰত্নাৰ একমাত্ৰ পুত্ৰ এই কৃষ্ণ কুমাৰে আজীৱন মাতৃ সেৱাৰ সংকল্পৰে চিৰকুমাৰ ব্ৰত গ্ৰহণ কৰি চাকৰিৰ পৰা অব্যাহতি লৈ দেউতাকৰ ২০ বছৰ পুৰণি বাজাজ চেটক স্কুটাৰ চলাই এক বছৰ সাত মাহ পূৰ্বে আৰম্ভ কৰিছিল এই যাত্ৰা । ভেলুৰ মথৰ পৰা সমগ্র দেশ কাশী, বৃন্দাবন, জগন্নাথ প,কন্যাকুমাৰী, দ্বাৰিকাকে আদি কৰি পূবৰ পৰা পশ্চিম, উত্তৰৰপৰা দক্ষিণৰ সমূহ তীৰ্থভূমিৰ তীৰ্থস্থান কৰে দৰ্শন । দৰ্শন কৰি অবশেষত আহি উপস্থিত হয় অসমত । অসমৰ কামাখ্যা মন্দিৰকে আদি কৰি বিভিন্ন স্থান দৰ্শন কৰি সোমবাৰে সন্ধিয়া উপস্থিত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত শ্ৰৱণ কুমাৰ ।কৃষ্ণ কুমাৰৰ মন্তব্য শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত দৰ্শন নকৰিলে তেওঁৰ উত্তৰ পূৱ ভ্ৰমণ সাৰ্থক নহল হেতেন সেইহে পিতৃৰ স্মৃতিক লগত লৈ মাতৃক কাষত বহুৱাই লৈ সমগ্ৰ দেশ ভ্ৰমণ কৰা এয়া এক সপোন। সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বাতাবৰণ ভিন্ন জলবায়ু নেওচি বটদ্ৰৱাত উপস্থিত হোৱা এই সৌভাগ্যশালী মাতৃ গৰাকীৰ মন্তব্য মই বহুত ভাগ্যৱান মোৰ এই পুত্ৰক পাই ।সকলো পিতৃ মাতৃয়ে পাওক মোৰ এই পুত্ৰৰ দৰে মৰম শ্নেহ । পুত্ৰৰ লগত বাজাজ স্কুটাৰত বহি কোনো ধৰণৰ ককালৰ বিষ, পিঠিৰ বিষ, ভৰিৰ বিষ অনুভৱ কৰা নাই শ্ৰৱণৰ মাতৃয়ে । ইফালে বটদ্ৰৱা থানত উপস্থিত হোৱা মাতৃ পুত্ৰই বটদ্ৰৱা থানৰ দৌল মন্দিৰ, কীৰ্তন ঘৰ, পদশিলা,হাটিবহা, আকাশী গংগা, শংকৰ শিলিখা বৃক্ষ দৰ্শন কৰি হৈ পৰে আপ্লুত। কলিযুগৰ শ্ৰৱণ কুমাৰ ভাৰতৰ বাবে ইতিহাস হক ।নৱ প্ৰজন্মৰ বাবে আদৰ্শ হক ।আমিও কৰিলো কামনা শ্ৰৱণ কুমাৰ মাতৃক লৈ কৰা এই ভ্ৰমণ কাৰ্য্য হক সফল।শ্ৰৱনৰ মাতৃৰ প্ৰতি থকা এই নিদৰ্শনে সকলোৰে হৈ পৰিছে প্ৰসংশা পাত্র । ___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: