নগাঁও,26 মাৰ্চঃ নগাঁৱত পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ খোলা থাকিব গেলামালৰ দোকান ৷ লক ডাউনৰ সময়ছোৱাত গেলামাল দোকানৰ ক্ষেত্ৰত কিছু নতুন নিৰ্দেশনা জাৰি কৰিছে নগাঁও জিলা উপায়ুক্তই । বৃহস্পতিবাৰে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই জাৰি কৰা নিৰ্দেশ মৰ্মে লক ডাউনৰ সময়ছোৱাত জিলাখনৰ গেলামাল দোকানসমূহ পুৱা১০ বজাৰ পৰা বিয়লি ৩ বজালৈকেহে খোলা ৰাখিব পাৰিব । অৱশ্যে ফাৰ্মাচীসমূহ এই আদেশৰ অন্তৰ্ভুক্ত নহ'ব বুলিও উল্লেখ কৰে নগাঁও জনসংযোগ বিভাগে ৷
কলিয়াবৰ,26 মাৰ্চঃ কলিয়াবৰত লক ডাউনৰ সময়ত অবৈধ বিলাতী সুৰা জব্দ ৷ দেশত 21 দিনীয়া লক ডাউনৰ সময়ত যিদৰে দেশৰ জনগণ সচেতন হ'ব লাগিছিল, সেই সচেতনতা এচামৰ ক্ষেত্ৰত একেবাৰে দেখা নগ'ল । বুধবাৰে প্ৰথম দিনটোত কলিয়াবৰৰ বিভিন্ন স্থানত লক ডাউন উলংঘা কৰি ৰাজপথত ঘূৰি থকা বহু যুৱকক আৰক্ষীয়ে এশিকনি দিবলগীয়া হয় । অৱশ্যে এচাম উদণ্ড লোকৰ বাবে নিৰপৰাধী লোকৰো সমস্যা হোৱা দেখা গৈছে ।
লক ডাউনৰ সময়ত এচাম অসৎ লোকে উলংঘা কৰি অবৈধভাৱে সুৰা বিক্ৰী আৰু সেৱনৰ বাবে সন্ধিয়া ভিৰ কৰেহি জখলাবন্ধাত ৷ কলিয়াবৰৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগৰ উপস্থিতিত বুধবাৰে নিশা জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই অবৈধ বিলাতী সুৰা আৰু চুলাই জব্দ কৰে ৷ লগতে চুলাই বিচাৰি অহা কিশোৰকো হাতে লোটে ধৰা পেলাই লপাথপা দিয়ে স্থানীয় ৰাইজে ৷
বটদ্ৰৱা,26 মাৰ্চঃ বটদ্ৰৱা আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ ৷ বটদ্ৰৱা আৰক্ষীয়ে দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰিলে চাউল, দালিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী । লকডাউনৰ এই সময়ছোৱাত যাতে দিন হাজিৰা কৰি দুবেলা দুমুঠি খোৱা দৰিদ্ৰ লোক সকলে যাতে খাদ্যৰ অভাৱত ভোগিব লগীয়া নহয় তাৰ বাবে বটদ্ৰৱা আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।
বঢ়মপুৰ,26 মাৰ্চঃ যি সময়ত সমগ্ৰ দেশতে COVID 19 য়ে মহামাৰী ৰূপ ধাৰণ কৰাত চৰকাৰে ২১ দিনলৈ লকডাউন দি অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলো স্কুল কলেজ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে সেই সময়তে কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত সোনাৰুগুৰি প্ৰি চিনিয়ৰ মদ্ৰাছাত ছাত্ৰ ছাত্ৰী সকলৰ মাজত কোনো সজাগতা নোহোৱাকৈ প্ৰধান শিক্ষক গৰাকীয়ে বিতৰণ কৰিছে মধ্যাহ্ন ভোজনৰ চাউল ৷ মধ্যাহ্ন ভোজনৰ চাউল সমূহ বিতৰণ কৰিবলৈ শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে যদিও প্ৰধান শিক্ষক গৰাকীয়ে সজাগ আৰু সাৱধানতা অৱলম্বন নকৰাকৈ এনেদৰে চাউল বিতৰণ কৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী ৷
বটদ্ৰৱা,26 মাৰ্চঃ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত হাইডুবি প্ৰি- ছিনিয়ৰ মাদ্ৰাছ কদমনি বালিকা মোক্তাব বিদ্যালয় আৰু বাটমাৰী হাইস্কুলত বৃহস্পতিবাৰে ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ মাতি আনি বিতৰণ কৰিলে মধ্যাহ্ন ভোজনৰ চাউল । এই সকল শিক্ষকৰ কাণ্ডজ্ঞানহীন কাৰ্যক স্থানীয় ৰাইজে একেমুখে গৰিহণা দিছে আৰু নগাঁও জিলা প্ৰশাসনক এই সকল শিক্ষকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ।
কলিয়াবৰ,26 মাৰ্চঃ কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে চেনিটাইজেচনৰ ব্যৱস্থা । মহকুমা প্ৰশাসনে মহকুমা কাৰ্যালয় চৌহদ, কুঁৱৰীটোল, হাটবৰ আৰু জখলাবন্ধাৰ বাণিজ্যিক স্থানসমূহত চেনিটাইজেচন ব্যৱস্থাৰে বৃহস্পতিবাৰে কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখে৷ জখলাবন্ধা এফ আৰ ইউত চেনিটাইজেচনৰ ব্যৱস্থা কৰে । চিকিৎসালয় আৰু মানুহৰ সংস্পৰ্শলৈ অহা স্থানসমূহত স্প্ৰে কৰিছে বীজাণুনাশক দ্ৰব্য৷ কলিয়াবৰ মহকুমাৰ লগতে কলিয়াবৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগেও গ্ৰহণ কৰিছে চেনিটাইজেচন ব্যৱস্থা ৷
ইফালে লক ডাউনৰ সময়তে কলিয়াবৰৰ এখন গাঁৱত সমূহীয়াকৈ বিলত মাছ ধৰিবলৈ যোৱা গাঁওবাসীক পহুখেদা দিয়ে কলিয়াবৰ আৰক্ষীয়ে ৷