ETV Bharat / state

ৰাষ্ট্ৰীয় খাদ‍্য সুৰক্ষা আইন: অবৈধ হিতাধিকাৰীয়ে ১৫ মাৰ্চৰ ভিতৰত ঘূৰাব লাগিব ৰেচন কাৰ্ড

সুবিধাবাদী অবৈধ হিতাধিকাৰীৰ দপদপনিৰ ফলত প্ৰকৃত হিতাধিকাৰী হৈ ৰয় বঞ্চিত । ৰেচন কাৰ্ডৰ ক্ষেত্ৰটো একেই ছবি । প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে অবৈধ হিতাধিকাৰীৰ হাতত ৰেচন কাৰ্ড । কিন্তু অবৈধ হিতাধিকাৰীলৈ শেষ সকিয়নী যোগান বিভাগৰ । ১৫ মাৰ্চৰ ভিতৰত ঘূৰাব লাগিব ৰেচন কাৰ্ড ।

Last warning to Illegal Ration Card Holder
১৫ মাৰ্চৰ ভিতৰ ঘূৰাব লাগিব ৰেচন কাৰ্ড
author img

By

Published : Mar 2, 2022, 11:04 PM IST

কলিয়াবৰ,০২ মাৰ্চ: ৰাষ্ট্ৰীয় খাদ‍্য সুৰক্ষা আইনৰ অধীনত অগ্ৰাধিকাৰপ্ৰাপ্ত হিতাধিকাৰীৰ স্থানত এচাম সুবিধাবাদী অবৈধ হিতাধিকাৰীৰ দপদপনিৰ ফলত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হ'বলগীয়া হৈছে । ১৫ মাৰ্চ সময়সীমাৰ ভিতৰত হিতাধিকাৰীৰ কাৰ্ড ঘূৰাই নিদিয়া চৰকাৰী চাকৰিয়ালে বিৰুদ্ধে চৰকাৰে লৈছে কঠোৰ সিদ্ধান্ত । যদি ১৫ মাৰ্চৰ ভিতৰত সুলভ মূল্যত খাদ‍্যবস্তু সংগ্ৰহ কৰিব পৰা কাৰ্ডখন ঘূৰাই নিদিয়ে তেন্তে দৰমহাৰ ধন কাটিব চৰকাৰে ।

চৰকাৰৰ এনে নিৰ্দেশৰ পাছতেই কঠোৰ হৈছে কলিয়াবৰ যোগান বিভাগ । ইতিমধ‍্যে ৰাজ‍্যৰ কেইবাখনো জিলাই ৰেচন কাৰ্ড থকা চৰকাৰী চাকৰিয়ালসকলক দিয়া সকিয়নীৰ পাছত কলিয়াবৰ মহকুমা যোগান বিভাগ সষ্টম হৈ পৰিছে ।

ৰাষ্ট্ৰীয় খাদ‍্য সুৰক্ষা আইন: অবৈধ হিতাধিকাৰীয়ে ১৫ মাৰ্চৰ ভিতৰত ঘূৰাব লাগিব ৰেচন কাৰ্ড

এই সন্দৰ্ভত যোগান বিভাগে পূৰ্বতে তেনে অবৈধ হিতাধিকাৰীলৈ জাননী জাৰি কৰিছিল যদিও সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ল । সেয়ে এইবেলি কোঠোৰ সিদ্ধান্ত লোৱাৰ ইঙ্গিত দিয়ে কলিয়াবৰৰ যোগান বিভাগৰ বিষয়াই । চৰকাৰী চাকৰিয়াল নহ'লেও, এনে সুবিধা গ্ৰহণ কৰি থকা আৰ্থিকভাৱে চচল ব‍্যক্তিকো এনে কাৰ্ড ঘূৰাই দিবলৈ অনুৰোধ জনাইছে যোগান বিভাগে ।

এই সন্দৰ্ভত প্ৰতিখন সুলভ মূল্যৰ দোকানলৈ প্ৰেৰণ কৰিছে পত্ৰ । ইতিমধ্যে সুলভ মূল্যৰ এজেন্ট সকলেও চৰকাৰী চাকৰি কৰা লোক সকলৰ তালিকা প্ৰস্তুত কৰিছে । গতিকে আজিয়েই যাওঁক আপোনাৰ ওচৰত থকা সুলভ মূল্যৰ এজেন্টৰ ওচৰলৈ আৰু ঘুৰাই দিয়ক আপোনাৰ কাৰ্ড খন ।

লগতে পঢ়ক:Municipal election 2022 : টীয়কত ঘৰে ঘৰে বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.