ETV Bharat / state

ৰহা সমষ্টিৰ দুটাকৈ পথত আধাৰশিলা স্থাপন স্থানীয় বিধায়কৰ

author img

By

Published : Jul 10, 2020, 8:51 PM IST

বিগত বহু বছৰ ধৰি বিধস্ত গৈ থকা ৰহা সমষ্টিৰ মাধৱপাৰা পৰা ঘিলানি সংযোগী আৰু লুতুমাৰীৰ পৰা লংজাপ মাজ গাঁৱলৈকে থকা পথ দুটা নিৰ্মাণৰ বাবে, শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৷

raha-mla-dimbaswar-das-inaugurates-rode-contantuansiy
ৰহা সমষ্টিত দুটাকৈ অভিলাষী আঁচনি শুভাৰম্ভ বিধায়কৰ

বঢ়মপুৰ, 10জুলাইঃ মহামাৰী কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ৰহা সমষ্টিত দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক ডিম্বেশ্বৰ দাসে। অভিলাষী আঁচনিৰ অধীনত ২৪.০৬ কোটি টকা ব্যয়ৰে নিৰ্মান হ'বলগীয়া মাধৱপাৰা পৰা ঘিলানি সংযোগী প্ৰায় 15 কিলোমিটাৰ দৈৰ্ঘৰ আৰু লুতুমাৰীৰ পৰা লংজাপ মাজ গাঁওলৈকে 10 কোটি টকা ব্যয়ৰে নিৰ্মান হ'বলগীয়া 7 কিলোমিটাৰ দৈৰ্যৰ দুয়োটা পথতে শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে বিধায়ক ডিম্বেশ্বৰ দাসে।

ৰহা সমষ্টিৰ দুটাকৈ পথত আধাৰশিলা স্থাপন স্থানীয় বিধায়কৰ

বছৰ বছৰ ধৰি পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছিল স্থানীয় লোকসকলে। বিগত সময়ত পথৰ মেৰামতিৰ বাবে বহুবাৰ আবেদন নিবেদন কৰিও বিফল হৈছিল স্থানীয় লোক সকল। বাৰিষা এজাক বৰষুণ আহিলেই অহা যোৱা কৰা বা ঘৰৰ পৰা ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছিল অঞ্চলকেইটাত ৷ স্থানীয় ৰাইজে বিগত বহু দিনৰ পৰাই দুৰ্ভোগ ভুগি আহিছিল ৷ বহু অপেক্ষাৰ অন্তত অৱশেষত, পথ দুটাৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। আধাৰশিলা স্থাপন কার্যসূচীত নগাঁও জিলা পৰিষদৰ উপ সভাপতি প্ৰমোদ লস্কৰ, কাৰ্যকৰী সদস্য বাবুল বৰা,অভিযন্তা পল্লৱ জ্যোতি শৰ্মা, কাৰ্যকৰী অভিযন্তা গোবিন্দ সিং আৰু সহকাৰী অভিযন্তা ৰূপেন নাথ উপস্থিত থাকে।

লগতে পঢ়কঃ পঞ্চভূতত বিলীন অশ্বিনী চেতিয়াৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.