কলিয়াবৰ, ৮ জানুৱাৰী: ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কলিয়াবৰবাসী । যাৱতীয় ব্যৱস্থা অবিহনে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমে বিসংগতিপূৰ্ণভাৱে চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই বিষয়ে স্মাৰকপত্ৰ প্ৰদান কৰি মহকুমাধিপতিক জনোৱা হৈছিল যদিও আজি পৰ্যন্ত আঁসোৱাহ দূৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই ।
সেয়ে, শুক্ৰবাৰে কলিয়াবৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি কলিয়াবৰৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত সুবিচাৰ লাভৰ বাবে আদালতৰ কাষ চপাৰ এই সিদ্ধান্ত গ্ৰহণ কৰে । লগতে চৰকাৰ, আৰু পথ নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে ক্ষোভ উজাৰে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত নগাঁৱৰ পৰা ইটানগৰলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ।
কিন্তু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আঁসোৱাহপূৰ্ণ হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ইয়াক দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই স্থানীয় ৰাইজে কেইবাবাৰো মহকুমাধিপতিক স্মাৰকপত্ৰ প্ৰদান কৰিছিল । তাৰ পিছতো ৰাইজ কথালৈ গুৰুত্ব নিদি কৰ্তৃপক্ষই অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য । কলিয়াবৰৰ মাজেৰে পাৰ হৈ যোৱা ব্যস্ত ৰাজপথ চোৱা চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণ কাম চলি আছে যদিও কোনো স্থানতে ৰখা হোৱা নাই সেৱা-পথ, স্থায়ী নলা-নৰ্দমাৰ লগতে যাৱতীয় সুবিধা । সেয়েহে, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ কামত ক্ষুণ্ণ হৈ পৰিছে ৰাইজ আৰু দল-সংগঠন ।
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা বিসংগতি দূৰ কৰিবলৈ দাবী জনাই NHIDCLৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ কৰিছিল ৰাইজে । কিন্তু কোনো সুফল নাপালে । এইবাৰ আদালতৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছে ৰাইজে । বিভিন্ন দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও কলিয়াবৰবাসীক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে ।
লগতে পঢ়ক:লাইকা দধিয়াবাসীৰ প্ৰতিবাদৰ সময়তে অসুস্থ হৈ পৰা প্ৰসুতিৰ মৃত্যু