ETV Bharat / state

লক্ ডাউনঃ অনাগত দিনত গ্ৰন্থৰ সুবাসৰ পৰা বঞ্চিত হ'ব গ্ৰন্থপ্ৰেমী !

অৰ্থনৈতিক মন্দাৱস্থাই ছপাশালৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি । প্ৰায় ডেৰ মাহজোৰা লক্ ডাউনে কোঙা কৰিছে গ্ৰন্থ উদ্যোগক । চৰকাৰী, বেচৰকাৰী সকলো পাবলগীয়া ধনৰ পৰা বঞ্চিত হৈছে ছপাশালসমূহ ।

PRESS EMPLOYEES ARE FACING PROBLEMS DUE TO LOCKDOWN

author img

By

Published : May 6, 2020, 6:52 PM IST

নগাঁও, 6 মে': লক্ ডাউনৰ ফলত এক প্ৰকাৰ কোঙা হৈ পৰিছে অসমৰ গ্ৰন্থ উদ্যোগ । বিগত প্ৰায় ডেৰ মাহে অধিকাংশ ছপাশাল সন্মুখীন হৈছে প্ৰায় ৪ৰ পৰা 5 লাখ টকা পৰ্যন্ত লোকচানৰ । নগাঁৱতে আছে ৩০টাকৈ ছপাশাল । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, কেৱল নগাঁৱৰে ছপাশালসমূহত হৈছে কোটি টকাৰ লোকচান । উল্লেখ্য যে, নগাঁৱৰ ৩০ টাকৈ ছপাশালত জড়িত হৈ আছে প্ৰায় 300ৰো অধিক লোক । ব্যৱসায়টোৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিৰ্ভৰশীল সহস্ৰাধিক লোক ।

আগন্তুক গ্ৰন্থ মেলাত গ্ৰন্থৰ সুবাসৰ পৰা বঞ্চিত হ'ব নেকি গ্ৰন্থপ্ৰেমী ?

এতিয়া দুশ্চিন্তা, দুৰ্ভাৱনাই গ্ৰাস কৰিছে ছপাশালসমূহৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলক । বিশেষকৈ চৰকাৰী কাম কাজ সমূহৰ পৰাও পাবলগীয়া ধন সমূহ এই পৰ্যন্ত আদায় পোৱা নাই ছপাশাল সমূহে । মাৰ্চ মাহৰ পৰাই সকলো স্তব্ধ হৈ পৰাত চৰকাৰী, বেচৰকাৰী সকলো পাবলগীয়া ধনৰ পৰা বঞ্চিত হৈছে ছপাশালসমূহ । চৰকাৰে ছপাশালসমূহক দিবলগীয়া ধন আদায় নিদিলে নতুনকৈ কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত দেখা দিব আন এক সংকটে ।

ইয়াৰ মাজতে অৰ্থনৈতিক মন্দাৱস্থাই ছপাশালৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি । ছপাশালত কৰ্মৰত সহস্ৰাধিক লোকৰ এতিয়া এটাই চিন্তা - যিসময়ত সকলোৱে এমুঠি অন্নৰ চিন্তাত নিমজ্জিত হৈছে তেনে সময়ত, গ্ৰন্থ আদি ছপা কৰাৰ কথা ভাৱিবনে সৰ্বসাধাৰণ ৰাইজে ?

লগতে পঢ়কঃ স্তব্ধ ছপাশালঃ দুঃচিন্তাত স্বত্বাধিকাৰী তথা কৰ্মকৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.