বটদ্ৰৱা,15 জুন: বটদ্ৰৱাত চৰকাৰী প্ৰথমিক বিদ্যালয়ৰ দুৰৱস্থা । গৰুৰ গোহালিলৈ পৰিবৰ্তিত হোৱা শ্ৰেণীকোঠাত ভৱিষ্যতৰ সপোন ৰচিছে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ।
ৰাজ্য চৰকাৰে কণ কণ ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে যদিও আন্তঃগাঁথনিকে আদি কৰি প্ৰধান শিক্ষকৰ অকৰ্মন্যতাৰ বাবেই শৈক্ষিক পৰিবেশ বিনষ্ট হৈ চৰম অৰাজকতা বিৰাজ কৰিছে নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অধিনস্থ 992 নং আমলখি মোক্তাৱ বিদ্যালয়ত ৷ বিদ্যালয়খনত দীৰ্ঘদিন ধৰি অনুপস্থিত হৈ আছে প্ৰধান শিক্ষক জালাল উদ্দিন ৷ মানসিক অসুস্থতাৰ দোহাই দি শিক্ষা বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক মেনেজ কৰি বিদ্যালয়খনত অনুপস্থিত থাকি ঘৰত বহিয়েই প্ৰতি মাহত আদায় কৰি আছে মোটা অংকৰ দৰমহা ৷ অৱশ্যে মাজে মাজে প্ৰধান শিক্ষকজনৰ পত্নী আহি মধ্যাহ্ন ভোজনৰ হিচাপ লৈ যায় বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ প্ৰধান শিক্ষকৰ অকৰ্মন্যতাৰ বাবেই চৰম সংকটত চলিথকা বিদ্যালয়খনত ধাৰাবাহিক আৰু গুণগত শিক্ষা লাভৰ পৰা দুৰ্ভাগ্যজনক ভাৱে বঞ্চিত হৈছে অঞ্চলটোৰ শ্ৰমজীৱী পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল ৷