ETV Bharat / state

ধিঙত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণঃ চকু মুদা কুলিৰ ভাৱত ধিং আৰক্ষী!!

author img

By

Published : May 31, 2019, 9:45 PM IST

কান্ধুলি চৰত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড ৷ ধৰ্ষণৰ ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকক অৱগত কৰিলে হত্যাৰ ভাবুকি প্ৰদান দুৰ্বৃত্তৰ ৷

ধিঙৰ চৰত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ

বটদ্ৰৱা, 31 মে': নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ধিঙৰ 2নং কান্ধুলি চৰত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড ৷ এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অভিযোগ অঞ্চলটোৰ আমিনুল ইছলামৰ পুত্ৰ মোজাম্মিল হ'ক নামৰ এজন যুৱকজনৰ বিৰুদ্ধে ৷ বিদ্যালয়ৰ পৰা উভতাৰ পথত মোজাম্মিল হকে হাত,ভৰি বান্ধি মুখত সোপা দি মাকৈ খেতিৰ মাজলৈ নি ধৰ্ষণ কৰে ছাত্ৰীগৰাকীক ৷ পাচত মোজাম্মিলে ছাত্ৰীগৰাকীক পাঁচশ টকা হাতত দি ঘটনা সম্পৰ্কত পৰিয়ালৰ লোকক অৱগত কৰিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ৷ যদিও ভয়ত কম্পমান ছাত্ৰীগৰাকীয়ে চিঞৰি চিঞৰি ঘৰলৈ গৈ মাতৃৰ আগত সকলো কথা অৱগত কৰে। তাৰ পাচতে ওচৰ চুবুৰীয়া ৰাইজে মোজাম্মিলৰ পিতৃ আমিনুল ইছলামক অৱগত কৰাত ৰাইজক ওলোটাই ভাবুকি দিয়ে আমিনুলে ৷

ধিঙৰ চৰত তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ

ইপিনে ন্যায় বিচাৰি ছাত্ৰী গৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে । কিশোৰী গৰাকীৰ পিতৃৰ অভিযোগ বৃহৎ ধনৰ বিনিময়ত মাতাব্বৰ আমিনুল ইছলামে মেনেজ কৰিছে আৰক্ষীক । সেয়ে ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছতো গা লৰা নাই ধিং আৰক্ষীৰ।

পঢ়ক - নিশা অন্ধকাৰত ডুব যায় মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

Intro:ধিঙৰ চৰত জঘন্য ধৰ্ষণ কাণ্ড । তৃতীয় শ্ৰেণীৰ ছাত্রীক ধৰ্ষণৰ কৰিলে চৰৰ মাতাব্বৰৰ পুত্রৰ । Body:ধিঙৰ চৰত চলিছে মাতাব্বৰীৰাজ । প্ৰচলিত আইন ব্যৱস্হাক ভেঙুচালি কৰি একাংশ মতাববৰে সংখ্যালঘু অধ্যুষিত এই চৰাঞ্চল বোৰত এতিয়াও চলাইগৈছে ৰাজত্ব ৷ তেনে এগৰাকী মতাব্বৰৰ পুত্ৰই কনমানি শিশু এটিক ধৰ্ষনৰ গুৰুত্বৰ অভিযোগ উথ্থাপন হৈছে ৷ এনে জঘন্য ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ধিঙৰ 2 নং কান্ধুলি চৰত ৷ এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্রীক ধৰ্ষণৰ অভিযোগ চৰৰটোৰ মাতাব্বৰৰ পুত্র মোজাম্মিল হক নামৰ পাষণ্ডটোৰ বিৰুদ্ধে । কনমানি ছাত্ৰী গৰাকী বিদ্যালয়ৰ পৰা ওভতাৰ পথত চৰৰ মাতাব্বৰৰ পুত্র মোজাম্মিল হকে হাত ,ভৰি মুখত সোপা দি মাকৈ খেতিৰ মাজত নি কৰিলে বলৎকাৰ । পিছত মাতাব্বৰ পুত্ৰ মোজাম্মিল হকে ছাত্ৰী গৰাকীক পাঁচশ টকা হাতত দি মৃত্যুৰ ভাবুকি প্রদান কৰি কয় যদি ঘৰত কৈ দিয় তেন্তে মাৰি পেলাম আৰু নকলে কাইলৈ আৰু ১০০০ টকা দিম । পিছত ছাত্ৰী গৰাকীয়ে চিঞৰি চিঞৰি ঘৰলৈ গৈ ভয়ত কম্পমান হৈ মাতৃৰ আগত সকলো কথা অবগত কৰে । ওচৰ চুবুৰীয়াৰ ৰাইজে ঘটনাটোৰ বিষযে মাতাব্বৰ আমিনুল ইছলামক পুত্র মোজাম্মিল হকৰ জঘন্য ঘটনাৰ কথা কোৱাত ভাবুকিহে প্ৰদান কৰে । ছাত্ৰী গৰাকীৰ পিতৃয়ে ন্যায় বিচাৰি ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰিয়ে দ্বায়িত্ব সামৰাৰ অভিযোগ উথ্থাপিত হৈছে । কিশোৰী ছাত্ৰী গৰাকীৰ পিতৃৰ অভিযোগ আৰক্ষীক বৃহৎ ধনৰ বিনিময়ত মাতাব্বৰ আমিনুল ইছলামে কৰিছে মেনেজ । সেইহে ধৰ্ষণৰ দৰে জঘণ্য ঘটনা সংঘটিত হোৱাৰ পিছতো গা লৰা নাই ধিং আৰক্ষীৰ । চৰ চাপৰি অঞ্চলত চৰকাৰৰ অভিলাষী আঁচনিয়েধোকি পাইছে যদিও এই অঞ্চল সমূহত এতিযাও চলে মাতাব্বৰীৰাজ । যাৰ ফলত দৰিদ্ৰ কৃষক সকলে ভয়ত কটাবলগীয়া হৈছে দিন । পূৰ্বেও কেইবাটও ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰো অভিযোগ আছে লম্পট মোজাম্মিলৰ বিৰুদ্ধে ৷ কিন্তু মাতব্বৰে দেখুৱা মৃত্যুৰ ভয়ৰ বাবেই কোনেও আৰক্ষীৰ কাষ নাচাপে । এতিয়া প্ৰশ্ন হয় কাৰ চত্ৰচায়াতেই এই মাতাব্বৰ আমিনুল ইছলাম আৰু পৰিয়ালে চৰত চলাই মাতাব্বৰীৰাজ ? ধিং আৰক্ষীয়ে সাহস গোটাব পাৰিবনে এই মাতাব্বৰ পুত্ৰ ধৰ্ষণকাৰীক কৰায়ত্ত কৰিবলৈ ? নে ধিং আৰক্ষীৰৰ ছত্ৰচায়াতেই এই মাতাব্বৰী পৰিয়ালে চৰত চলাই যাব মাতাব্বৰী চৰকাৰ ?__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.