ETV Bharat / state

সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছ,এআইইউডিএফেই জয়ী হ’ব : পীযুষ হাজৰিকা

নগাঁৱত বুধবাৰে উপস্থিত হৈ ৰাজ্যৰ দলসমূহক লৈ মন্তব্য় কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ নৱগঠিত ৰাইজৰ দল আৰু জাতীয় পৰিষদে বিজেপিক কোনো ক্ষতি কৰিব নোৱাৰে বুলি কৈ এই আঞ্চলিক দল দুটাই কেৱল কংগ্ৰেছ-এআইইউডিএফৰহে ক্ষতি কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ ঋ

pijush hazarika commented
পীযুষ হাজৰিকাৰ মন্তব্য়
author img

By

Published : Jan 20, 2021, 5:22 PM IST

নগাঁও,20 জানুৱাৰী : কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা, এজেপি আৰু ৰাইজৰ দল সন্দৰ্ভত নগাঁৱত কেবাটাও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ । বুধবাৰে নগাঁৱত উপস্থিত হৈ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠিত আঞ্চলিক দলকো কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

মন্ত্ৰী গৰাকীয়ে অজিত ভূঞাৰ দলৰ কোনো অস্তিত্ব নাই বুলি মন্তব্য কৰাৰ লগতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে বিজেপিক কোনো ক্ষতি কৰিব নোৱাৰে বুলিও উল্লেখ কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে, আঞ্চলিক দল দুটাই কেৱল কংগ্ৰেছ-এআইইউডিএফৰহে ক্ষতি কৰিব ৷

পীযুষ হাজৰিকাৰ মন্তব্য়

সাংবাদিকক সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ইতিমধ্যে ধিং, কঁচুৱাৰ দৰে অঞ্চলত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । ধিং ৰূপহীহাটৰ দৰে সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছ আৰু এআইইউডিএফেই জিকিব বুলি উল্লেখ কৰি এই সমষ্টিকেইটাক লৈ বিজেপি আগ্ৰহী নহয় বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : ৰাজ্যত প্ৰায় ১ লাখ গাহৰিপালকৰ পৰিয়াললৈ নামিছে অন্ধকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.