নগাঁও,২ অক্টোবৰ: নগাঁৱত জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীয়ে। লোকসভা আৰু ৰাজ্যসভা অধিৱেশনত জনজাতিকৰণ বিধেয়কখন উভয় সদনতে গৃহীত কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে। হাতে হাতে প্লে'কাৰ্ড লৈ কোঁচ ৰাজবংশীসকলৰ সামগ্ৰিক উন্নয়ণ আৰু বিকাশকে ধৰি ৫টা বিভিন্ন দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিজেপি চৰকাৰে কোঁচ ৰাজবংশীসকলক ভাগ ভাগ কৰাৰ চেষ্টা কৰি কেৱল প্ৰতাৰণা কৰি অহাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। সেয়ে,নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰে সংগঠনটোৱে।
নগাঁৱত কোঁচ ৰাজবংশী সন্মিলনীৰ অৱস্থান ধৰ্মঘট
জনজাতিকৰণৰ দাবীত নগাঁৱত কোঁচ ৰাজবংশী সন্মিলনীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত বিক্ষোভ প্ৰদৰ্শন কৰে সংগঠনটোৱে।