ETV Bharat / state

Inter Police Station Football Tournament: প্ৰয়াত উপ-পৰিদৰ্শক সমুজ্জল কাকতিৰ সোঁৱৰণত নগাঁৱত ফুটবল প্ৰতিযোগিতা

author img

By

Published : Aug 7, 2022, 9:01 PM IST

নগাঁও আৰক্ষীৰ ব‍্যৱস্থাপনাত প্ৰয়াত উপ-পৰিদৰ্শক সমুজ্জল কাকতিৰ সোঁৱৰণত নগাঁও জিলাৰ থানাসমূহৰ মাজত দুটা স্থানত অনুষ্ঠিত হৈছে ফুটবল প্ৰতিযোগিতা (Inter Police Station Football Tournament at Kaliabar in Nagaon)। সমুজ্জল কাকতিৰ পবিত্ৰ সোঁৱৰণত এই প্ৰতিযোগিতাখনি ভৱিষ‍্যতলৈও নগাঁও আৰক্ষীয়ে এনেদৰে অনুষ্ঠিত কৰিব বুলি সদৰি কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে ।

Inter Police Station Football Tournament
নগাঁও জিলাৰ আন্তঃ থানা ফুটবল প্ৰতিযোগিতা

কলিয়াবৰ, ৭ আগষ্ট: অপৰাধী আৰু আইন শৃংখলা নিয়ন্ত্ৰণত অহৰ্নিশে ব‍্যস্ত থকাৰ মাজতে ফুটবলৰ পথাৰতো নিজৰ শক্তি প্ৰদৰ্শনত ব‍্যস্ত হৈছে নগাঁও জিলাৰ আৰক্ষী । নগাঁও আৰক্ষীৰ ব‍্যৱস্থাপনাত উপ-পৰিদৰ্শক প্ৰয়াত সমুজ্জল কাকতিৰ সোঁৱৰণত নগাঁও জিলাৰ থানাসমূহৰ মাজত শনিবাৰৰ পৰা দুটা স্থানত অনুষ্ঠিত হৈছে এই ফুটবল প্ৰতিযোগিতা(Inter Police Station Football Tournament at Kaliabar in Nagaon)।

উল্লেখ্য় যে, কৰ্মৰত অৱস্থাতে দুৰ্ভাগ‍্যজনকভাৱে মৃত‍্যুক সাৱতি লোৱা কামপুৰ থানাৰ উপ-পৰিদৰ্শক প্ৰয়াত সমুজ্জল কাকতিৰ সোঁৱৰণত নগাঁও জিলাৰ থানাসমূহৰ মাজত শনিবাৰৰ পৰা নগাঁও আৰু কলিয়াবৰ মহকুমাৰ দুটা স্থানত অনুষ্ঠিত হৈছে । কলিয়াবৰৰ ভোমোৰাগুৰিৰ পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত কলিয়াবৰ মহকুমা অন্তৰ্গত থানাসমূহৰ মাজত অনুষ্ঠিত হৈছে ।

শনিবাৰে অনুষ্ঠিত হোৱা দুখন খেলৰ প্ৰথমখন খেলত কলিয়াবৰ আৰক্ষী থানাই চামগুৰি থানাক ৩–০ গ'লত পৰাস্ত কৰে । আনহাতে, জখলাবন্ধা থানা আৰু ৰূপহীহাট থানাৰ মাজত অনুষ্ঠিত দ্বিতীয়খন খেলত ৰূপহীহাট আৰক্ষী থানা জখলাবন্ধা আৰক্ষী থানাৰ বিৰুদ্ধে ৪–১ গ'লত বিজয়ী হয় ।

উক্ত ফুটবল প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে মুকলি কৰে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে । এই প্ৰতিযোগিতাখনিত উপস্থিত থাকি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে খেলুৱৈসকলক উৎসাহ যোগাই (Nagaon SP Leena Daley)। উপ-পৰিদৰ্শক প্ৰয়াত সমুজ্জল কাকতিৰ পবিত্ৰ সোঁৱৰণত এই প্ৰতিযোগিতাখনি ভৱিষ‍্যতলৈও নগাঁও আৰক্ষীয়ে এনেদৰে অনুষ্ঠিত কৰিব বুলি সদৰি কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে।

লগতে পঢ়ক:Wushu Player Pranita Chutia: জে’লৰ পৰা মুকলি হৈ খেললৈ বুলি ৰাওনা হ’ল প্ৰণিতা চুতীয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.