ETV Bharat / state

Hirannya Narayan Bora: ৰহাৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী হিৰণ্য নাৰায়ণ বৰাৰ মৃত্যু

author img

By

Published : Apr 21, 2023, 10:32 AM IST

ৰহা নিবাসী বিশিষ্ট শিক্ষাবিদ ,সমাজকৰ্মী হিৰণ্য নাৰায়ণ বৰাৰ আজি পুৱাই 3 বাজি 55 মিনিটত মৃত্যু ঘটে ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল বুলি জানিবলৈ পোৱা গৈছে প্ৰয়াত বৰা ৷ GNRC ত শেষ নিশ্বাস ত্যাগ (Hirannya Narayan Bora is no more) ৷

Hirannya Narayan Bora is no more
সমাজকৰ্মী হিৰণ্য নাৰায়ণ বৰাৰ মৃত্যু

ৰহা, 21 এপ্ৰিল : নগাঁৱৰ ৰহাত শোকৰ পৰিৱেশ ৷ ৰহাৰ বিশিষ্ট শিক্ষাবিদ ,সমাজকৰ্মী হিৰণ্য নাৰায়ণ বৰাৰ আজি পুৱাই মৃত্যু ঘটে ৷ আজি পুৱা 3 বাজি 55 মিনিটত শিক্ষাবিদ তথা সমাজকৰ্মীগৰাকীৰ মৃত্যু ঘটে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে (One death in Nagaon due to old age related diseases) ৷

হিৰণ্য নাৰায়ণ বৰাৰ জন্ম হয় ১৯৩৬ চনত ৰহাৰ ৰহাচকী গাঁৱত । ৰহা মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা বৰাই প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষাত নগাঁও জিলাৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হয় । ৰহা হাইস্কুলৰ পৰা ১৯৫২ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত আই এ এচ উত্তীৰ্ণ হয় । তাৰ পাচত কটন কলেজৰ পৰা বি এ পৰীক্ষাত অৱতীৰ্ণ হৈ হিৰণ্য নাৰায়ণ বৰাই সুখ্যাতিৰে উত্তীৰ্ণ হয় (Nowgong College) ।

Hirannya Narayan Bora is no more
সমাজকৰ্মী হিৰণ্য নাৰায়ণ বৰাৰ মৃত্যু

১৯৬০ চনত ৰহা উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে যোগদান কৰে হিৰণ্য নাৰায়ণ বৰাই । ইয়াৰ পিচতে প্ৰয়াত হিৰণ্য নাৰায়ণ বৰাই যোৰহাট প’ষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজৰ পৰা বি টি পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয় । ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পিচত বিষয় শিক্ষকলৈ পদোন্নতি ঘটে প্ৰয়াত বৰাৰ (Hirannya Narayan Bora is no more) ।

১৯৭৬ চনত প্ৰধান শিক্ষক হিচাবে মৰিগাঁও জিলাৰ মনহা হাইস্কুলত যোগদান কৰে হিৰণ্য নাৰায়ণ বৰাই । ১৯৭৮ চনত পুনৰ ৰহালৈ আহি ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপাধ্যক্ষ হিচাবে যোগদান কৰে । পৰৱৰ্তী সময়ত ১৯৯২ চনত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাবে যোগদান কৰে বৰাই ।

১৯৯৯ চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে প্ৰয়াত বৰাই । মৃত্যুৰ সময়ত হিৰণ্য নাৰায়ণ বৰাৰ বয়স হৈছিল ৮৭ বছৰ । দীৰ্ঘদিন ধৰি প্ৰয়াত হিৰণ্য নাৰায়ণ বৰা বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল বুলি জানিবলৈ পৰা গৈছে ৷ নিশা হঠাতে অসুস্থ হৈ পৰাত GNRC ত ভৰ্তি কৰোৱা হয় যদিও তাতেই হিৰণ্য নাৰায়ণ বৰাই শেষ নিশ্বাস ত্যাগ কৰে ৷ অধ্যক্ষগৰাকীৰ মৃত্যুত বিভিন্ন দল ,সংগঠনে শোক প্ৰকাশ কৰে । ৰহাৰ এইমছ দাবী কমিটিৰ সৈতেও সক্ৰিয়ভাবে জড়িত আছিল প্ৰয়াত বৰা ।

লগতে পঢ়ক : Srinivas BV Case : দুদিনৰ ভিতৰত কাৰণ দৰ্শাবলৈ অংকিতা দত্তলৈ প্ৰদেশ কংগ্ৰেছৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.