ETV Bharat / state

জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ অভিযোগত প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰ

জালিয়াতিৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ চহীৰে ধন আত্মসাৎ কৰাৰ অভিযোগত, আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু হয় এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ।

fir against head master of a school in  juria

author img

By

Published : Apr 30, 2020, 3:09 PM IST

নগাঁও, 30 এপ্ৰিলঃ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ চহী জালিয়াতি কৰি বিদ্যালয়ৰ ধন আত্মসাৎ কৰাৰ অভিযোগত, আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু হৈছে নগাঁও জিলাৰ জুৰীয়াৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে । জুৰীয়াৰ নামা কালিয়াডিঙা মুক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক আফজ উদ্দিনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ।

জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ অভিযোগত প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰ

লোকগৰাকীৰ বিৰুদ্ধে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ ৰফিকৰ লগতে পাঞ্জাৱ নেশ্যনেল বেংকৰ জুৰীয়া শাখাৰ প্ৰবন্ধকে, জুৰীয়া আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত পৃথকে পৃথকে ৰুজু হৈছে গোচৰ । বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ নামত থকা যুটীয়া একাউন্টৰ পৰা প্ৰধান শিক্ষকজনে প্ৰথমে ৫০ হাজাৰ টকা মোকলাই নিয়াৰ পিচত, পুনৰ ২ লাখ ৭ হাজাৰ টকা মোকলাই নিব বিচৰাৰ সময়তে পোহৰলৈ আহে জালিয়াতিৰ তথ্য । বেংক কৰ্তৃপক্ষৰ সন্দেহ হোৱাত পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ ৰফিকক অৱগত কৰাৰ পিচতেই ধৰা পৰে প্ৰধান শিক্ষকজনৰ জালিয়াতি । লগে লগে বেংক কৰ্তৃপক্ষই আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ১৪৮/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১৮৮/৪২০/৪০৬/৪৬৮ নম্বৰত এটা গোচৰ ৰুজু কৰাৰ লগতে, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আন এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়কঃ মৰিগাঁৱত ট্ৰাকত উদ্ধাৰ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.