ETV Bharat / state

শিলচৰ আৰু নগাঁৱত জব্দ জাল নোটৰ লগতে মেচিন

author img

By

Published : Feb 15, 2020, 10:56 PM IST

শিলচৰত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৩ জন জাল নোট সৰৱৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে 6 লাখ 44 হাজাৰ টকাৰ জাল নোট ৷ শিলচৰৰ সমান্তৰালকৈ নগাঁৱতো টকা বনোৱা মেচিন আৰু নকল টকা সহ আটক দুই আন্তঃৰাষ্ট্ৰীয় নকল মুদ্ৰা ব্যৱসায়ী ৷

fake currency seized at Silchar and Nagaon
শিলচৰ আৰু নগাঁৱত জব্দ জাল নোট

শিলচৰ, নগাঁও, 15 ফেব্ৰুৱাৰীঃ শিলচৰত জব্দ বৃহৎ পৰিমাণৰ জাল নোট ৷ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৩ জন জাল নোট সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে 6 লাখ 44 হাজাৰ টকাৰ জাল নোট ৷

শিলচৰত জব্দ জাল নোট

শনিবাৰে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাছাৰৰ আৰকাটিপুৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন মাৰুতি ভানত তালাচী চলাই আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ জাল নোটখিনি জব্দ কৰে ৷ ধৃত জালনোট সৰবৰাহকাৰী কেইজন ক্ৰমে ত্ৰিপুৰাৰ আব্দুল হুচেইন, সুজিত মজুমদাৰ, সীতাৰাম ৰাখানি ৷

নগাঁৱত জাল নোট জব্দ

শিলচৰৰ সমান্তৰালকৈ নগাঁৱতো টকা বনোৱা মেচিন আৰু নকল টকা সহ আটক কৰা হয় দুই আন্তঃৰাষ্ট্ৰীয় নকল মুদ্ৰা ব্যৱসায়ীক ৷ নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাঞ্চনপুৰৰ পৰা আটক কৰা হয় লোকদুজনক ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত আৰু ৰূপহী আৰক্ষীৰ যুটীয়া অভিযানত নকল টকা প্ৰস্তুতকাৰী চক্ৰটোক আটক কৰা হয় ৷

লগতে পঢ়ক-নগাঁৱত বিদ্যালয়তে আত্মহত্যা দশম শ্ৰেণীৰ ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.