ETV Bharat / state

বেদখলকাৰীৰ কবলত প্ৰাক্তন সেনা বিষয়াৰ নামত আৱন্টিত ভূমি - ই টি ভি ভাৰত

বেদখলকাৰীৰ কবলত প্ৰাক্তন সেনা বিষয়াৰ নামত আৱন্টিত ভূমি ৷

বেদখলকাৰীৰ কবলত প্ৰাক্তন সেনা বিষয়াৰ নামত আৱন্টিত ভূমি
author img

By

Published : Jun 24, 2019, 8:07 PM IST

আন্দোলনৰ হুংকাৰ প্ৰাক্তন সেনাৰ ৷ এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..

বেদখলকাৰীৰ কবলত প্ৰাক্তন সেনা বিষয়াৰ নামত আৱন্টিত ভূমি

আন্দোলনৰ হুংকাৰ প্ৰাক্তন সেনাৰ ৷ এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক প্ৰতিবেদন..

বেদখলকাৰীৰ কবলত প্ৰাক্তন সেনা বিষয়াৰ নামত আৱন্টিত ভূমি
Intro:বটদ্ৰৱা চৰকাৰী ভূমি বেদখলৰ ন ন তথ্য ফাদিল ৷ প্ৰাক্তন সেনা বিষয়াৰ নামত আবণ্টিত ভূমিও বেদখলকাৰীৰ কবলত ।ৰহস্যজনক নিৰব ভূমিকাত চৰকাৰ প্ৰশাসন ।Body:নগাঁও জিলাৰ বটদ্ৰৱা থানকে ধৰি ভোমোৰাগুৰি লালুংগাঁৱৰ প্ৰাচীন গ্ৰেজিং ৰিজাৰ্ভত বৰ্তমান সন্দেহযুক্ত বেদখলকাৰীৰ কৱলত। এটাৰ পাছত এটাকৈ ঘৰ সাজি পাতিছে গাওঁ। সন্দেহযুক্ত নাগৰিকে ভৰি পৰা এই গাঁৱত দিনে নিশাই চলিছে ভূমি বেদখলৰ লগতে চলাই গৈছে ভূমি খনন কাৰ্য্য । আৰক্ষী প্ৰশাসন আৰু চৰকাৰৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ মুকলিকৈ চলাইছে চৰকাৰী ভূমিত বেদখল। বটদ্ৰৱাৰ বেদখল সংক্ৰান্তত ই টি ভি ভাৰত অসমত বাতৰি সম্পচাৰ হোৱাৰ পিছতে প্ৰক্তন সেনা জোৱান সকলে ফাদিল কৰিলে চাঞ্চল্যকৰ তথ্য । হুংকাৰ প্ৰদান কৰিলে চৰকাৰক প্ৰক্তন সেনাই । প্ৰক্তন যোৱান সকলৰ অভিযোগ ১৯৮৮ চনতে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা আজীৱন দেশ সেৱাত ব্ৰতী হৈ অৱসৰ গ্ৰহণ কৰা বটদ্ৰৱা সমষ্টিৰ ৪৪ গৰাকী অসমীয়া বীৰ জোৱানৰ নামত আবন্টিত হৈছিল ২০০ বিঘা ভূমি। ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা মৌজাৰ লালুং গাঁও কিচামতৰ ৩৫৪ নং গ্ৰেজিং দাগৰ অংশ হিচাপে ২০০ বিঘা মাটি এই ৪৪ জন প্ৰাক্তন সৈনিকৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছিল আবন্টন । কিন্তু ৰহস্যজনক ভাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশক অৱমাননা কৰি আজিকোপতি অসম চৰকাৰে এই সকলক বীৰ জোৱানক চমজাই দিবলৈ সক্ষম নহল উক্ত ভূমি। বৰঞ্চ জীৱনৰ বিয়লি বেলাত প্ৰাক্তন সৈনিক সকলে পালে চৰকাৰী বিষয়াৰ মিছা প্ৰলোভন । যাৰ বাবে জাঙুৰ খাই উঠিছে ৪৪ প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ। প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ অভিযোগ ২০১৪ চনৰপৰা উক্ত ভূখণ্ডত এচাম সন্দেহযুক্ত অচিনাকি লোকে ঘৰ বাৰী সজি পাতিছে নতুন গাওঁ। এইসকল লোকে ১০, ২০, ৩০ বিঘা পৰ্যন্ত মাটি খান্দি প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সাজি ৰাজহুৱা সম্পত্তি বিনষ্ট কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ১৯৮৮ চনৰ পৰা ২০১৭ চনলৈকে এই সুদীৰ্ঘ কাল চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে বাট কুৰি বাই অৱশেষত ৫/১২/২০১৬ তাৰিখে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা আহিছিল এক লিখিত নিদেৰ্শ। সেই সময়ৰ চক্ৰ বিষয়া গৰাকীয়ে উক্ত নিদেৰ্শ পালন নকৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ প্ৰাক্তন সৈনিকে চক্ৰ বিষয়া গৰাকীৰ ওপৰত এজাহাৰ দাখিল কৰে। ৩০/১৬, ০/৮, ১৮৮ আই পি চি ৪/৫ এ এল জি ৭ পিচি এচিটি নম্বৰত গোচৰ ৰুজু কৰে যদিও আজিও কোনো সুফল লাভ কৰিব সক্ষম হোৱা নাই ।দুৰ্ভাগ্যজনক ভাৱে এই ৪৪ জন প্ৰাক্তন সৈনিকৰ বহুতৰে ইতিমধ্যে মৃত্যু হল, তেওলোকৰ বিধবা পত্নী, বৃদ্ধ সৈনিক সকলে এতিয়াও চৰকাৰক দি আছে ভূমি কৰ । সেইহে হেৰুৱাই পেলোৱা নাই আশা। কিজানিবা জাতি মাটি ভেটিৰ কথা কৈ শাসনৰ গাদীত বঢ়া বিজেপি চৰকাৰে এইসকল অসমীয়া খিলঞ্জীয়া প্ৰাক্তন সৈনিকক ৮৮ চনতে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ভূমি চমজাই দিয়ে। বেদখলীকৃত ভূমিত সমবেত হৈ এই প্ৰাক্তন সৈনিকে চৰকাৰক প্ৰদান কৰে হুংকাৰ। আমাৰ নামত কেন্দ্ৰীয় চৰকাৰে আবন্টিত দিয়া ভূমি আমাক লাগিবই। নহলে ৰাজ্যজুৰি আমি আৰম্ভ কৰিম আন্দোলন। এনেদৰেই জীৱনৰ বিয়লি বেলা কেমেৰা সন্মুখতে খোভ উজাৰিলে প্ৰাক্তন সেনা জোৱানে । এতিয়া প্ৰশ্ন হয় কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এই ভূমি বেদখল মুক্ত কৰি প্ৰক্তন সেনাক চমজাই দিব পাৰিব নে বৰ্তমানৰ চৰকাৰ খনে? নে এই সেনা জোৱানৰ নামত আবন্টিত ভূমিৰ কৰ দি থকাৰ পিছতো এনেদৰেই থাকিব বেদখলকাৰীৰ কবলত? যাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ।_______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.