চামগুৰি, 27 নৱেম্বৰ : ৰাজ্যত ক্ৰমাত জটিল ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে ৷ নগাঁৱৰ চামগুৰিত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ সঘনাই অঞ্চলটোত এজাক বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই আহি শ শ বিঘা কৃষি ভূমি গচকি-খাই তহিলং কৰে ৷ চামগুৰিৰ কেকুৰাচুকত বন্যহস্তীৰ উপদ্ৰপত আতংকতৰ মাজৰে খেতি চপাইছে সাধাৰণ কৃষকে ৷
বিগত কিছুদিন ধৰি দিনে নিশাই বিচৰণ কৰি আছে তিনি চাৰিজনীয়া বন্যহস্তীৰ জাকেটোৱে ৷ সম্প্ৰতি চৰম আতংকতৰ মাজৰে দিন অতিবাহিত কৰিছে অঞ্চলটোৰ ৰাইজে । বন্যহস্তীৰ জাকটোৰ অবাধ বিচৰণৰ ফলতে বিনষ্ট হৈ পৰিছে পকীবলৈ লোৱা ধাননি পথাৰ ৷ যাৰ ফলত কেচাতে ধান চপাবলৈ বাধ্য হৈছে কৃষক সকলে ৷
শালনা খণ্ড বন বিভাগক বিষয়টো সন্দৰ্ভত স্থানীয় ৰাইজে বাৰাম্বৰ অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে ৷ মাত্ৰ হাতীৰ পিছে পিছে দুটামান ফটকা ফুটাই দায়িত্ব সামৰে বুলিও ক্ষোভ উজাৰে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক:বড়ো-অবড়োক লৈ খেল খেলিছিল প্ৰমোদ বড়োৱে : নৱ শৰণীয়া