ETV Bharat / state

কলিয়াবৰত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ নাট প্ৰদৰ্শন

author img

By

Published : Feb 8, 2020, 9:30 AM IST

নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ ৰচনা আৰু প্ৰাঞ্জল মহন্তৰ পৰিচালনাৰে শিশু নাট "অ-আ" আৰু নাট্যকাৰ অজিত বৰঠাকুৰৰ নাটক "ক্ৰিয়া-প্ৰতিক্ৰিয়া" এই দুখনি নাট মঞ্চস্থ কৰে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ শিল্পীসকলে ৷ "অ-আ"ত বৰ্তমান সময়ত শিশুসকলৰ মাজত অভিভাৱকে সুমোৱাই দিয়া অসমীয়া ভাষা বিদ্বেষৰ দৰে স্পৰ্শকাতৰ বিষয় উপস্থাপন কৰা হৈছে ৷ আনহাতে নাট‍্যকাৰ অজিত বৰঠাকুৰৰ "ক্ৰিয়া-প্ৰতিক্ৰিয়া" নাটখনি পৰিৱেশন কৰে নাট‍্য সমাজৰ জ‍্যেষ্ঠ শিল্পীসকলে ৷

drama played by hatbor Kendriya Natya Samaj at Kaliabor
কলিয়াবৰত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ নাট প্ৰদৰ্শন

কলিয়াবৰ, 8 ফেবাৰুৱাৰীঃ কলিয়াবৰৰ অগ্ৰণী অপেছাদাৰী নাট্যানুষ্ঠান হাটবৰ কেন্দ্ৰীয় নাট্য সমাজে বিগত প্ৰায় আঠ দশকে অব্যাহত ৰাখিছে নিজৰ অবিৰত যাত্ৰা ৷ শুকুৰবাৰে অনুষ্ঠানটোৰ স্থায়ী মঞ্চত হাটবৰ কেন্দ্ৰীয় নাট্যসমাজৰ শিল্পীসকলে পৰিৱেশন কৰে দুখনকৈ নাটক ৷ নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ ৰচনা আৰু প্ৰাঞ্জল মহন্তৰ পৰিচালনাৰে শিশু নাট "অ-আ" আৰু নাট্যকাৰ অজিত বৰঠাকুৰৰ নাটক "ক্ৰিয়া-প্ৰতিক্ৰিয়া" এই দুখনি নাট মঞ্চস্থ কৰে শিপ্লীসকলে ৷ নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ শিশু নাট "অ-আ"ত বৰ্তমান সময়ত শিশুসকলৰ মাজত অভিভাৱকে সুমোৱাই দিয়া অসমীয়া ভাষা বিদ্বেষৰ দৰে স্পৰ্শকাতৰ বিষয় এটা সুন্দৰকৈ উপস্থাপন কৰে ছয়টি শিশুৱে যথাক্ৰমে – বিদিশা গায়ন,প্ৰীতিকঙ্কনা মুক্তিয়াৰ,হিমাংশু বৰুৱা,পৰিণিত কৌশিক কাশ‍্যপ,হীমজ‍্যোতি হাজৰিকা আৰু ধনশ্ৰী গায়নে ৷ নাটখনত ব্যংগ চৰিত্ৰত অভিনয় কৰিছে শিশু শিল্পী হিমাংশু আৰু পৰিণিতে ৷

কলিয়াবৰত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ নাট প্ৰদৰ্শন

উল্লেখ্য যে, ত্ৰিপুৰাৰ আগৰতলাস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উঃপূঃ কেন্দ্ৰত "থিয়েটাৰ ইন এডুকেচন" পাঠ্যক্ৰম সফলতাৰে সমাপ্ত কৰি অহা প্ৰাঞ্জল মহন্তই,জাৰ্মানৰ ব্ৰেচ্‌ট থিয়েটাৰ শৈলীত নাট মঞ্চস্থ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে নাট‍্যকাৰ অজিত বৰঠাকুৰৰ "ক্ৰিয়া-প্ৰতিক্ৰিয়া" নাটখনি পৰিৱেশন কৰে নাট‍্য সমাজৰ জ‍্যেষ্ঠ শিল্পীসকলে ৷

লগতে পঢ়ক-খাম্তি জনগোষ্ঠীৰ মাই কুছুমফাই উৎসৱ উদযাপন

Intro:কলিয়াবৰত দুখনকৈ নাট প্ৰদৰ্শন

কলিয়াবৰৰ অগ্ৰণী অপেছাদাৰী নাট‍্যানুষ্ঠান হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজৰ নিবেদনBody:অপেছাদাৰী নাট্য আন্দোলনৰ প্ৰায় আঠদশক জোৰা অবিৰত যাত্ৰাৰ ধ্বজাবাহী কলিয়াবৰৰ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজে অব্যাহত ৰাখিছে নাট্য চৰ্চাৰ ধাৰা। অনুষ্ঠানটোৱে একে নিশাই মঞ্চায়িত কৰিলে দুখনকৈ নাটক। অনুষ্ঠানটোৰ স্থায়ী মঞ্চত হাটবৰ কেন্দ্ৰীয় নাট্যসমাজৰ শিল্পী সমাজে পৰিবেশন কৰিলে দুখন নাটক। নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ ৰচনা আৰু প্ৰাঞ্জল মহন্ত (ডাডু) ৰ পৰিচালনাৰে শিশু নাট " অ-আ " আৰু নাট্যকাৰ অজিত বৰঠাকুৰৰ নাটক " ক্ৰিয়া-প্ৰতিক্ৰিয়া" পৰিবেশন কৰে।
অনুভূতি প্ৰৱণ নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ শিশু নাট "অ-আ"ত বৰ্তমান সময়ত শিশুসকলৰ মাজত অভিভাৱকে সোমোৱাই দিয়া অসমীয়া ভাষা বিদ্বেষৰ দৰে স্পৰ্শকাতৰ বিষয় এটা সুন্দৰকৈ উপ-স্থাপন কৰে ছয়টি শিশুৱে যথাক্ৰমে – বিদিশা গায়ন, প্ৰীতিকঙ্কনা মুক্তিয়াৰ, হিমাংশু বৰুৱা, পৰিণিত কৌশিক কাশ‍্যপ, হীমজ‍্যোতি হাজৰিকা আৰু ধনশ্ৰী গায়নে। পৰিচালক প্ৰাঞ্জল মহন্তই সাধাৰণতে চাৰ্কাচত দেখা ব‍্যঙ্গ চৰিত্ৰ 'ক্লাউন'ৰ ব‍্যৱহাৰৰ জৰিয়তে নাটখনিত এক নতুনত্ব প্ৰদান কৰাৰ চেষ্টাত সফল হৈছে বুলিব পাৰি। দুই ক্লাউনৰ ভূমিকাত পৰিণিত আৰু হিমাংশুৰ সাবলীল অভিনয়ে দৰ্শকক আমোদ দিয়ে। ত্ৰিপুৰাৰ আগৰতলাস্থিত ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ উ:পূ: কেন্দ্ৰত "থিয়েটাৰ ইন এডুকেচন" পাঠক্ৰম সফলতাৰে সমাপ্ত কৰি অহা প্ৰাঞ্জলে অলপতে জাৰ্মানৰ ব্ৰেচ্‌ট থিয়েটাৰ শৈলীত নাট মঞ্চস্থ কৰি সমাদৃত হৈছিল।
আনহাতে নাট‍্যকাৰ অজিত বৰঠাকুৰৰ "ক্ৰিয়া-প্ৰতিক্ৰিয়া" নাটখনি পৰিৱেশন কৰে নাট‍্য সমাজৰ জ‍্যেষ্ঠ শিল্পীসকলে।Conclusion:Visuals,
Bite : প্ৰাঞ্জল মহন্ত (ডাডু),
পৰিচালক : অ-আ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.